ETV Bharat / state

OIL signs MoU with Tinsukia administration: তিনিচুকীয়াত ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন প্ৰকল্প উদ্বোধন

author img

By

Published : Mar 18, 2023, 10:35 PM IST

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ তিনিচুকীয়া পৌৰসভাৰ অধীনৰ টিংৰাইস্থিত ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন আৰু পুনৰ সংস্থাপন প্ৰকল্পৰ উদ্বোধন (Dumping Ground at Tingrai) ৷ দীঘলটৰঙৰ খহনীয়া প্ৰতিৰোধৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ ।

MoU between Tinsukia Administration and Oil India
ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন আৰু পুনৰ্সংস্থাপন প্ৰকল্প

তিনিচুকীয়া, ১৮ মাৰ্চ: ভাৰত চৰকাৰৰ প্ৰাকৃতিক গেছ, পেট্ৰ'লিয়াম, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে শনিবাৰে তিনিচুকীয়া জিলাৰ টিংৰাইস্থিত ডাম্পিং গ্ৰাউণ্ডত অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আচঁনিৰ অধীনত প্ৰতিষ্ঠা হোৱা "Rehabilitation of Legacy Waste Through Biomining" প্রকল্পটোৰ শুভাৰম্ভ কৰে । স্মাৰ্তব্য যে, চলিত বৰ্ষতে তিনিচুকীয়া পৌৰসভাৰ অধীনৰ টিংৰাইস্থিত ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন আৰু পুনৰ সংস্থাপনৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া গ্ৰাম্য উন্নয়ন ছ'চাইটিৰ মাজত এখনি বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল । এই বুজাবুজি চুক্তিৰ পৰিপ্ৰেক্ষিততে তিনি কোটি ১৭ লাখ ৪২ হাজাৰ টকাৰ ব্যয় সাপেক্ষে অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ পুঁজিৰ দ্বাৰা স্থাপন হোৱা প্ৰকল্পটোৰ দ্বাৰা তিনিচুকীয়া পৌৰসভাৰ লিগেচি আৱৰ্জনাবোৰ জৈৱ-খনন প্ৰক্ৰিয়াৰ জৰিয়তে নিষ্কাশন আৰু পুনৰ্বাসন কৰা হ'ব (MoU between Tinsukia Administration and Oil India )।

আজিৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি উপায়ুক্ত স্বপ্নীল পালে এই প্ৰকল্পটো তিনিচুকীয়া নগৰৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি প্ৰকল্পটোৱে সমগ্ৰ অঞ্চলটোৰ পাৰিপাৰ্শ্বিক, নান্দনিক আৰু সামাজিক মাপকাঠিৰ উন্নয়নত যথেষ্ট কাৰ্যকৰী হ'ব বুলি মন্তব্য আগবঢ়ায় । কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে প্ৰকল্পটোৱে তিনিচুকীয়া নগৰৰ লিগেচি আৱৰ্জনাৰ সঠিকভাৱে নিষ্কাশন আৰু পুনৰ্সংস্থাপন কৰি অঞ্চলটোৰ সৌন্দৰ্য বৰ্ধনত অৰিহণা যোগাব বুলি মন্তব্য কৰে (Union Minister Rameshwar Teli)। মন্ত্ৰীগৰাকীয়ে অইল ইণ্ডিয়া লিমিটেডক সামাজিক দায়বদ্ধতা আচঁনিৰ অধীনত এই প্ৰকল্পটোৰ প্ৰতিষ্ঠাৰ ক্ষেত্রত আগবঢ়োৱা পুঁজিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখযোগ্য যে, অনাগত দিনত এই ডাম্পিং গ্ৰাউণ্ডত এখনি পাৰ্ক নিৰ্মাণৰো ব্যৱস্থা কৰা হ'ব । ইয়াৰ পাছতে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত তিনিচুকীয়া জিলাৰ দীঘলটৰং এলেকাত হোৱা খহনীয়া প্ৰতিৰোধৰ বাবে এখনি বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ উপস্থিতিত তিনিচুকীয়া জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত স্বপ্নীল পালে আৰু অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ মুখ্য কাৰ্যবাহী বিষয়াৰ (আৱাসিক) হৈ কাৰ্যবাহী সঞ্চালক জ্যোতি প্ৰসাদ দাসে এই বুজাবুজি চুক্তিত স্বাক্ষৰিত কৰে । এই বুজাবুজি চুক্তি অনুসৰি অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আচঁনিৰ অধীনত ৪.১২৬ কোটি টকা আগবঢ়োৱা হ'ব। আনহাতে, অনতি পলমে ডুমডুমাৰ পৰা বাঘজানলৈকে ২১.৬ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবেও এখনি বুজাবুজি চুক্তি তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত স্বাক্ষৰিত হ'ব ।

উক্ত কাৰ্যসূচীত তিনিচুকীয়াৰ জিলা উপায়ুক্ত স্বপ্নীল পাল, অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, তিনিচুকীয়া পৌৰসভাৰ সভাপতি পৱিত্ৰ গগৈ, অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যবাহী সঞ্চালক জ্যোতি প্ৰসাদ দাস, অইল ইণ্ডিয়া লিমিটেডৰ মানৱ সম্পদ আৰু ক্ষেত্র প্ৰশাসনৰ মুখ্য মহাপ্ৰৱন্ধক অৰুণজ্যোতি বৰুৱা, অইলৰ মানৱ সম্পদ আৰু প্ৰশাসনিক বিভাগৰ কাৰ্যৱাহী সঞ্চালক ৰাজীৱ বৰুৱা, অ আইআৰডিএছৰ সভাপতি তথা ইনষ্ট্ৰুমেণ্টেচনৰ কাৰ্যবাহী সঞ্চালক বৈৰৱ ভূঞা প্ৰমুখ্যে তিনিচুকীয়া পৌৰসভাৰ বিভিন্ন ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ সকল উপস্থিত থাকে ।

লগতে পঢ়ক:Amritpal Singh arrested: খালিস্তানী নেতা অমৃতপাল সিঙক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.