ETV Bharat / state

সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগেশ দাসৰ বিদ্যালয়ৰ প্ৰৱেশ পথত বেদখলকাৰী - হাঁহচৰা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়

অঞ্চলটোৰ একাংশ আৱাসীয়ে এই মূল পথচোৱা ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰাৰ লগতে পথটোও দখলৰ চেষ্টা কৰিছে ৷ যাৰ ফলত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল ৷

Illegal occupation of the school entrance road
বিদ্যালয়ৰ প্ৰৱেশ পথত অবৈধ দখল
author img

By

Published : May 24, 2020, 2:43 PM IST

ডুমডুমা, 24মে': অবৈধ দখলকাৰীৰ কৱলত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগেশ দাসে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা হাঁহচৰা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ মূল প্ৰৱেশ পথ ৷ জানিব পৰা মতে, হাঁহচৰা ৰে'ল ষ্টেচনৰ সন্মুখত অৱস্থিত বিদ্যালয়খনত প্ৰৱেশৰ মূল পথচোৱা ১২ ফুট ব্যাসাৰ্দ্ধৰ আছিল আৰু সেই পথেৰে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী সকলে বিদ্যালয়খনত প্ৰৱেশ কৰিছিল । কিন্তু অঞ্চলটোৰ একাংশ আৱাসীয়ে এই মূল পথচোৱা ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰাৰ লগতে পথটোও দখলৰ চেষ্টা কৰিছে ৷

বিদ্যালয়ৰ প্ৰৱেশ পথত অবৈধ দখল

যাৰ ফলত সমস্যাৰ সন্মুখীন হ'ব লগা হয় বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল ৷ ইপিনে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডুমডুমা শাখাই পথচোৱা বেদখলৰ পৰা মুক্ত কৰি বিদ্যালয়লৈ অহা-যোৱাৰ উপযোগী কৰি তুলিবলৈ জিলা উপায়ুক্তলৈ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও বৰ্তমান পৰ্যন্ত প্ৰশাসন তৰফৰ পৰা কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই ৷ এই সন্দৰ্ভত প্ৰশাসনক অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰিছে সংগঠনটোৱে ।

লগতে পঢ়কঃতীৰ্থস্থানক কেন্দ্ৰ কৰি ৰাজ্যত পৰ্যটনৰ নতুন উদ্যোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.