ETV Bharat / state

কাকপথাৰৰ বনাঞ্চলত হোলোং গছত শেন চকু বন মাফিয়াৰ - ডুমডুমা বনাঞ্চল

বনজ সম্পদেৰে চহকী তিনিচুকীয়া জিলাৰ কাকপথাৰ বন কাৰ্যালয়ৰ অন্তৰ্গত বনাঞ্চল সমূহতো শেন চকু পৰিছে বন মাফিয়াৰ ৷ ডুমডুমা বনাঞ্চল ৰূপে জনাজাত কাকপথাৰৰ কাচিজান বনাঞ্চলত বন ধ্বংসৰ এক ভয়ংকৰ ছবি ৷ অসমৰ জাতীয় গছ ৰূপে জনাজাত হোলোং গছৰ ওপৰত চকু একাংশ বন মাফিয়াৰ ৷ অবাধ বন ধ্বংসই অশনি সংকেট কঢ়িয়াই আনিছে হোলোং গছেৰে পৰিপূৰ্ণ বনাঞ্চলখনলৈ ৷

কাকপথাৰৰ কাচিজান বনাঞ্চলত বন ধ্বংসৰ ভয়ংকৰ ছবি

author img

By

Published : Apr 21, 2021, 1:41 PM IST

শদিয়া, 21 এপ্ৰিল : বনজ সম্পদেৰে চহকী তিনিচুকীয়া জিলাৰ কাকপথাৰ বন কাৰ্যালয়ৰ অন্তৰ্গত বনাঞ্চল সমূহতো শেন চকু পৰিছে বন মাফিয়াৰ ৷ ডুমডুমা বনাঞ্চল ৰূপে জনাজাত কাকপথাৰৰ কাচিজান বনাঞ্চলত বন ধ্বংসৰ এক ভয়ংকৰ ছবি পোহৰলৈ আহিছে ৷ অসমৰ জাতীয় গছ ৰূপে জনাজাত হুলুং গছৰ ওপৰত চকু পৰিছে একাংশ বন মাফিয়াৰ ৷ অবাধ বন ধ্বংসই অশনি সংকেট কঢ়িয়াই আনিছে হোলোং গছেৰে পৰিপূৰ্ণ বনাঞ্চলখনলৈ ৷ একাংশ অসাধু ব্যৱসায়ীয়ে নিশাৰ অন্ধকাৰত মেচিনেৰে গছবোৰ কাটি হাতীৰ জৰিয়তে সৰবৰাহ কৰি আছে দীৰ্ঘদিনৰ পৰা ৷ বিভিন্ন সময়ত স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠনকে আদি কৰি ৰাইজে বন ধ্বংসৰ কথা বন বিভাগক অৱগত কৰি আহিছে যদিও প্ৰতিৰোধ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে ৷

কাকপথাৰৰ কাচিজান বনাঞ্চলত বন ধ্বংসৰ ভয়ংকৰ ছবি

বনাঞ্চলখনত দীৰ্ঘ দিনৰ পৰা বন ধ্বংস চলি থকাত ইতিমধ্যে বহু মূল্যৱান গছ নিঃশেষ হোৱাত ক্ষোভ উজাৰিছে আছু, যুৱ ছাত্ৰ পৰিষদে ধৰি আন আন দল-সংগঠনসমূহে ৷ ৰাজ্যৰ বিয়াগোম বন বিভাগ তথা প্ৰশাসনে যদি অনতিপলমে সংৰক্ষিত বনাঞ্চল খনত বন ধ্বংস ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় দল সংগঠন সমূহে ৷

লগতে পঢ়ক: ধ্বংসৰ গৰাহত ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপুৰ চৰাইদেউ দেওশাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.