ETV Bharat / state

Rice mill inauguration : মাকুমত উচ্চ ক্ষমতা সম্পন্ন ধান মিল উদ্বোধন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

author img

By

Published : Mar 28, 2023, 4:32 PM IST

খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মাকুম চট'হাপজানত নতুনকৈ নিৰ্মাণ কৰা এটা ধান মিল উদ্বোধন কৰে (Ranjit Kumar Das inaugurates Rice Mill)। অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে কেইবাগৰাকী বিধায়ক উপস্থিত থাকে এই অনুষ্ঠানত ।

Rice mill inauguration
মাকুমত উচ্চ ক্ষমতা সম্পন্ন ৰাইচ মিল উদ্বোধন

তিনিচুকীয়া, ২৭ মাৰ্চ : কৃষকসকলৰ সহায় হোৱাকৈ চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে । ধান ক্ৰয় কেন্দ্ৰ স্থাপনৰ জৰিয়তে ধানৰ উচিত মূল্য প্ৰদানত গুৰুত্ব দিছে চৰকাৰে । ইতিমধ্যে চলিত বছৰটোত চৰকাৰে যথেষ্ট পৰিমাণৰ ধান ক্ৰয় কৰিছে (Paddy Procurement Centre in Assam)। যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে চৰকাৰে ।

ইয়াৰ পাছতে অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধান মিল স্থাপন কৰিছে । তাৰ অংশস্বৰূপে মঙলবাৰে তিনিচুকীয়া জিলাৰ মাকুম চট'হাপজানত নতুনকৈ নিৰ্মাণ কৰা এটা ধান মিল আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । মিলটো উদ্বোধন কৰে অসম চৰকাৰৰ অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjit Kumar Das inaugurates Rice Mill)।

জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন আৰু শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াও এই অনুষ্ঠানত উপস্থিত থাকে । ইফালে কৃষকৰ সুবিধাৰ্থে সমগ্ৰ অসমতেই 270 টা ধান মিল স্থাপন কৰাৰ লগতে 250 টা ধানৰ গুদাম নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰে ৰণজিৎ কুমাৰ দাসে ।

মাকুমৰ এই নতুন ধান মিলৰ জৰিয়তে 24 ঘণ্টাত হ'বলগীয়া কাম এতিয়া 1 ঘণ্টাতেই কৰিব পৰা যাব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (Inauguration of high capacity rice mill)। আনহাতে, চৰকাৰৰ এনে পদক্ষেপ কৃষক ৰাইজক উপকৃত কৰিব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ধান মিল স্থাপনৰ বাবে 40 লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰাৰ লগতে গুদামৰ বাবেও ১৫ লাখকৈ টকা প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে, ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে চৰকাৰে 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে । 1200 টকাত ধান বিক্ৰী কৰা কৃষকসকলে বৰ্তমান 24000 টকাত বিক্ৰীৰ সুবিধা পোৱাৰ কথাও কয় যোগান মন্ত্ৰীগৰাকীয়ে । ধান মিল উদ্বোধন কৰাৰ পাচতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ সৈতে ডিগবৈৰ জুবলী খেলপথাৰত বিহুৰ অনুশীলন কেন্দ্ৰ মুকলি কৰে । কেন্দ্ৰটো উদ্বোধন কৰাৰ পাচতে বিধায়কসহ মন্ত্ৰীগৰাকীয়ে বিহুৰ অনুশীলনো উপভোগ কৰে ৷

লগতে পঢ়ক :Ragging at Sainik School : গোৱালপাৰাৰ সৈনিক স্কুলত ৰেগিং কাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.