ETV Bharat / state

অভাৱগ্ৰস্তলৈ সহায়ৰ হাত তুলতুল কছাৰীৰ

লক ডাউনৰ সময়ত গুৱাহাটী মহানগৰীত মানসিক বিকাৰগ্ৰস্ত লোক,বান্দৰ আদিৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ধলাৰ তুলতুল কছাৰীয়ে ৷ যুৱকজনৰ এই কাৰ্যৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মেডিয়াত ৷

author img

By

Published : Jun 18, 2020, 5:12 PM IST

Helping hand of tultul kachari sadiya tinsukia assam etv bharat news
অভাৱগ্ৰস্তলৈ সহায়

শদিয়া,18 জুন: তিনিচুকীয়াৰ শদিয়া সমষ্টিৰ অন্তৰ্গত ধলাৰ হাঁহখাটি পঞ্চায়তৰ মুলুক গাঁৱৰ বাসিন্দা তুলতুল কছাৰী ৷ 35 বছৰীয়া তুলতুলে মহানগৰীস্থিত গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ সন্মুখৰ পদপথত এখন সাধাৰণ ভাতৰ হোটেল চলাই জীৱিকা নিৰ্বাহ কৰি আহিছে ৷ কৰ’ণা মহামাৰীৰ বাবে দেশত জাৰি কৰা লক ডাউনৰ সময়ছোৱাত যুৱকজনে বিগত ৭৫দিনে মহানগৰীৰ বিভিন্ন প্ৰান্তত মানসিক বিকাৰগ্ৰস্ত লোকক দৈনিক ভাতৰ যোগান ধৰাৰ লগতে বিভিন্ন অঞ্চলত থকা বান্দৰবোৰক ফল-মূল দি সহায় কৰি আহিছে ৷

অভাৱগ্ৰস্তলৈ সহায়ৰ হাত তুলতুল কছাৰীৰ

শেহতীয়াকৈ তুলতুলে শদিয়াৰ বিভিন্ন গাঁৱত দৰিদ্ৰ পৰিয়ালৰ লগতে হোম কোৱাৰেণ্টাইনত থকা পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ এই কাৰ্য ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাত গাঁৱবাসীয়ে গামোচাৰে সম্বৰ্ধনা জনাই যুৱকজনক ৷ লগতে শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰে গাঁৱবাসী ৷ অকৰ্মণ্য বিধায়কগৰাকীক শীঘ্ৰে গাঁৱখনৰ বাটপথসমূহ পকী কৰাৰ লগতে উন্নত কৰি দিবলৈ আহ্বান জনাইছে গাঁৱবাসীয়ে ৷

লগতে চাওকঃ কেইবাটাও দাবীৰে নলবাৰীত বজৰংগ দলৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.