তিনিচুকীয়া, 14 এপ্ৰিল : আজি গৰু বিহু । কৃষিজীৱি অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুটিক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত পাৰাপাৰ হীন উচাহৰ ঢল দেখিবলৈ পোৱা গৈছে । সাতাম পুৰুষীয়া ৰীতি নীতি মানি কৃষিজীৱী ৰাইজে পালন কৰিছে গৰু বিহু । গঞাৰ চোতালে চোতালে দেখা পোৱা গৈছে গৰু বিহুৰ মাদকতা । গৰু বিহুৰ দিনা গৃহস্থই পথাৰত, নৈত বা পুখুৰীত আটোম-টোকাৰীকৈ গা ধুৱাই গৰুৰ গাত মা হালধি সানি দিয়ে (Goru bihu celebreated in Assam) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে তিনিচুকীয়া জিলাৰ মাকুমত পালন কৰা হয় গৰু বিহু ৷ লাও, বেঙেনা, থেকেৰা, কেৰেলা, হালধিৰে গৰুক গা ধুৱাই গৰুৰ দেহৰ শ্ৰী বৃদ্ধিৰ কামনা কৰে ৷ লগতে ‘‘লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু’’ বুলি সকলোৱে নাম জুৰি গাত মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই গৰু বিহু পালন কৰে মাকুমৰ ৰাইজে । সমগ্ৰ অঞ্চলৰ ৰাইজে একগোট হৈ পৰম্পৰাগত ৰীতি-নীতিৰে গৰুক গা ধুওৱা দেখিবলৈ পোৱা যায় (Goru bihu celebreated in Tinsukia) ।
ইয়াৰোপৰি, গৰু বিহুৰ সৈতে সংলগ্ন ৰাখি পতাকা উত্তোলনেৰে এখনি বহাগী মেলা প্ৰতিযোগিতাৰো আয়োজন কৰিছে উদ্যোক্তাসকলে । তিনিচুকীয়া জিলাৰ দৰে যোৰহাট জিলাৰ বৃহত্তৰ মনাইমাজি অঞ্চলবাসীয়ে পালন কৰে গৰু বিহু ৷ সমূহীয়াভাৱে ৰাইজ মিলি গৰু গা ধুৱায় ভোগদৈ নদীত ৷ যোৰহাটৰ চহা কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি পালন কৰিলে গৰু বিহু । ভোগদৈ নদীত বৃহত্তম মনাইমাজি ৰাইজে সমূহীয়াভাৱে গৰু গা ধোৱা পৰ্ব অনুষ্ঠান পালন কৰে (Goru bihu celebreated in Jorhat) ।
গৰু গা ধুওৱাৰ লগতে হাতত ঢোল-ডগৰ-পেঁপা লৈ ওলায় আহে বিহুৱাসকল ৷ সমান্তৰালভাৱে বিহুৱতীসকলেও ঢোল-পেঁপাৰ ছেৱে ছেৱে কঁকাল ভঙা দেখিবলৈ পোৱা যায় ৷ বিহু নামৰে মুখৰিত হৈ পৰে চৌপাশৰ পৰিৱেশ ।
লগতে পঢ়ক : PM Modi to Guwahati : দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে আজি গুৱাহাটীত প্ৰধানমন্ত্রী মোডী