ডুমডুমা,10 মে': তিনিচুকীয়া জিলাৰ ডুমডুমাৰ গ্ৰাম্য চিকিৎসালয়ত সাধাৰণ ৰোগীৰ বিলৈ ৷ চিকিৎসালয়খনৰ স্বাস্থ্য বিষয়াৰ শৰণাপন্ন হোৱাৰ পিছতো সাধাৰণ ৰোগীয়ে ক’ভিড-১৯ ৰ টেষ্টৰ সুবিধা লাভ নকৰাৰ অভিযোগ উঠিছে ৷ এই সুবিধাৰ পৰা বঞ্চিত ৰোগীক চিকিৎসালয়খনত ভৰ্তি কৰোৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰে অভিভাৱকসকলে ৷
সোমবাৰে ক’ভিড টেষ্টৰ ৰিপ’ৰ্ট নথকাত গ্ৰাম্য চিকিৎসালয়খনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ঘণ্টা ঘণ্টা সময় ধৰি পৰি থাকিল বৰডুবি চাহ বাগিচাৰ শিৱনাথ নামৰ এগৰাকী সাধাৰণ ৰোগী ৷ চিকিৎসালয় কৰ্তৃপক্ষই বৰডুবি চাহ বাগিচাৰ আঠ নং লাইনৰ শিৱনাথ নামৰ ৰোগী গৰাকীক ঘৰলৈ ওভতাই পঠিয়াইছিল ডুমডুমাৰ স্বাস্থ্য বিভাগে ৷
লগতে পঢ়ক : নাগালেণ্ডত আলফা (স্বা)ৰ সদস্যৰ আত্মসমৰ্পন