ETV Bharat / state

তিনিচুকীয়াত উদ্বোধন প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতি, অসমৰ মুখ্য কাৰ্যালয়

তিনিচুকীয়াত উদ্বোধন প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতি, অসমৰ মুখ্য কাৰ্যালয় (Former ulfa i Coordinating Committee office Inauguration in Tinsukia) ৷ শুভ উদ্বোধন কৰে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে ।

Former ulfa i Coordinating Committee
তিনিচুকীয়াত উদ্বোধন প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতি, অসমৰ মুখ্য কাৰ্যালয়
author img

By

Published : Feb 20, 2022, 7:51 PM IST

তিনিচুকীয়া, 20 ফেব্ৰুৱাৰী : ২০২১ চনত প্ৰতিষ্ঠা লাভ কৰিছিল প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতি ৷ এই সমন্বয়ৰক্ষী সমিতি অসমৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হয় তিনিচুকীয়া বাইপাছৰ সমীপৰ হাতীগড়ত ৷ দেওবাৰে এই কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে (Former ulfa i Coordinating Committee office Inauguration in Tinsukia)।

তিনিচুকীয়াত উদ্বোধন প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতি, অসমৰ মুখ্য কাৰ্যালয়

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি দেউৰীয়ে সকলোকে অনাগত দিনত ভালকৈ কাম কৰি যাবলৈ উৎসাহিত কৰে । লগতে চান্দা সংস্কৃতিৰ প্ৰসংগতো তেওঁ কয় যে, তিনিচুকীয়াত যেতিয়ালৈকে উন্নয়নৰ বাবে উদ্যোগিক প্ৰতিষ্ঠান স্থাপন নহয়, তেতিয়ালৈকে চান্দা তোলা বন্ধ কৰা সম্ভৱ নহয় । যদিও পৰাপক্ষত চান্দা সংগ্ৰহ নকৰাকৈ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ক্ৰীড়া আদি দিশসমূহৰ উন্নয়নৰ হকে ঐক্যবদ্ধ হৈ কাম কৰি যাব লাগিব বুলিও মন্তব্য কৰে ।

নিচাজাতীয় সামগ্ৰীৰ প্ৰসংগত তেওঁ কয় যে, তিনিচুকীয়া জিলাৰ আৰক্ষীৰ প্ৰচেষ্টাত ইতিমধ্যে ৬০০ খনতকৈ অধিক কানি খোলা ভাঙিবলৈ সক্ষম হৈছে । কানিৰ প্ৰচলন পূৰ্বৰ তুলনাত বৰ্তমান তিনিচুকীয়াত কিছু পৰিমাণে হ্ৰাস পাইছে । ইতিমধ্যে বহু ড্ৰাগছৰ ব্যৱসায়ীকো আটক কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া আৰক্ষী ।

প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতি (অসম)ৰ যুটীয়া সমন্বয়ক ৰহেন্দ্ৰ মৰাণ ওৰফে গুলি অসমে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হৈ থকা বহু বিষয়ববীয়াৰ প্ৰচেষ্টাত ২০২১ চনত জন্ম লাভ কৰা এই সংগঠনটোৱে অনাগত দিনত সমাজৰ লগত থাকি অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰত উত্তৰণৰ বাবে কাম কৰি যাব বুলিও মন্তব্য কৰে । আনহাতে, আলফা(স্বা) আলোচনাপন্থী সংগঠনটোৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে ।

উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে, তিনিচুকীয়া জিলাৰ নাগৰিক সমাজৰ সভাপতি, সদৌ মৰাণ ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি-সম্পাদক আৰু বিষয়-ববীয়াসকল, তিনিচুকীয়া জিলাৰ সাংবাদিকসকল, বিভিন্ন দল-সংগঠনৰ বিষয়-ববীয়াসকল, স্থানীয় ৰাইজ আৰু প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতি (অসম)ৰ বিষয়-ববীয়াসকল ।

উল্লেখ্য যে, নব্বৈ দশকৰ পাচত একাংশ আলফাই মূল খুঁটিলৈ উভতি আহি প্ৰাক্তন আলফাৰ সংগঠন জন্ম দিছিল । তাৰ পাচতে ২০১৪ চনত পুনৰ প্ৰাক্তন আলফা ঐক্য মঞ্চ(অসম) নামেৰে এটা সংগঠন জন্ম দিয়া হৈছিল । যিটো ২০১৬ চনত নাম সলনি কৰি প্ৰাক্তন আলফা যুৱ শক্তি ঐক্য মঞ্চ(অসম)ৰ হিচাপে বৰ্তমান পৰিচিতি ।

কিন্তু ২০২১ চনত পুনৰ প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী অসম নামেৰে এটা সংগঠন জন্ম দি দেওবাৰে অস্থায়ীভাৱে এটা কাৰ্যালয় মুকলি কৰা হয় । মন কৰিবলগীয়া কথা যে, কিয় বাবে বাৰে প্ৰাক্তন আলফা সদস্যসকলে সংগঠন জন্ম দিব লগা হৈছে ? জ্যেষ্ঠ প্ৰাক্তন আলফাৰ বিষয়ববীয়াসকলে নতুনকৈ মূল খুঁটিলৈ উভতি অহা সকলক সন্তুষ্ট কৰিব পৰা নাই নেকি ? সেয়া পৰৱৰ্তী সময়তহে নিশ্চিত হ’ব ৷

লগতে পঢ়ক : আলফাত যোগদান কৰিছে গুৱাহাটীৰ সৰস্বতী আৰু ৰুমীয়ে : ভাস্কৰ জ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.