শদিয়া, 12মে’: শদিয়াত বিষাক্ত কাঠফুলা খাই টুপচিঙা গাওঁৰ একেটা পৰিয়ালৰ 5 জনকৈ লোক গুৰুতৰভাবে অসুস্থ ৷ বৰ্তমান চাপাখোৱাৰ এফ আৰ ইউ মেডিকেলত ভৰ্তি কৰোৱা হৈছে আটাইকেইজনকে । দিনৰ 1 মান বজাত ঘৰৰ গৃহস্থ নীৰঞ্জন গগৈয়ে (42) বাৰীৰ পৰা কাঠফুলা উঘালি আনি পৰিবাৰ কণফুলি গগৈ (40)ক ৰান্ধিূলৈ দি আটাইকেইজন সদস্য ক্ৰমে নীলাক্ষী গগৈ (14) , জুৰি গগৈ (18) ,দ্বীপ জ্যোতি গগৈ(8) ৰ সৈতে দিনৰ 3 বজাত পৰিবেশন কৰিছিল ।
লগতে পঢ়ক: ঢকুৱাখনাত ৰজাদিনীয়া ঐতিহ্য পৰম্পৰাৰে ফাটবিহু
দিনৰ ভাগত সকলো ঠিক আছিল যদিও প্ৰায় 3 ঘণ্টাৰ পিছত বিয়লি চয়মান বজাত সকলোৰে সঘনাই পায়খানা আৰু পেট বিষ হবলৈ ধৰে । ইয়াৰ পিছত ওচৰ চুবুৰীয়াই আটাইকে চাপাখোৱা এফ আৰ ইউ ত ভৰ্তি কৰে । আটাইকেইজনৰ অৱস্থা বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷