ডুমডুমা, 12 ফেব্ৰুৱাৰীঃ আহোম জনগোষ্ঠীক লৈ ধিঙ সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্যৰ পিছতে বিধায়কগৰাকীৰ বিৰুদ্ধে গৰজি উঠিছে অসমৰ বিভিন্ন দল-সংগঠন । বিধায়ক আমিনুল ইছলামে কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে আজি ডুমডুমা আৰক্ষী থানাত বীৰ লাচিত সেনাৰ ডুমডুমা আঞ্চলিক সমিতিয়ে এখন এজাহাৰ দাখিল কৰে । আহোম সকলৰ প্ৰতি কৰা অপমানসূচক মন্তব্য কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি বিধায়ক ইছলামক সকীয়াই দিয়ে । আৰক্ষী প্ৰশাসনে বিধায়ক আমিনুল ইছলামক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে বিধায়কগৰাকীয়ে অসমবাসীৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনাই বীৰ লাচিত সেনাই ।
লগতে চাওকঃ গৰিয়া-মৰিয়া, দেশী,জলহা মুছলমান সকলক কি আহ্বান মমিনুল আৱালৰ ?