ETV Bharat / state

ফিল'বাৰীৰ অৰুণোদয়ত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন - etv bharat

সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি 'অৰুণোদয়' নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াই

ফিল'বাৰীৰ অৰুণোদয়ত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন
author img

By

Published : May 10, 2019, 11:00 PM IST

তিনিচুকীয়া, 10 মে': তিনিচুকীয়াৰ ফিল'বাৰীৰ অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হ'য় এখন সম্বৰ্ধনা অনুষ্ঠান । ফিল'বাৰী অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সান্নিধ্যত গঢ় লৈ উঠা অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়খনে সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অকুণ্ঠ শ্ৰম, ত্যাগ কৰা বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধা তথা সন্মান প্ৰদৰ্শন কৰাৰ বাবে শুকুৰবাৰে বিদ্যালয় প্ৰেক্ষাগৃহত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হ'য় ।

ফিল'বাৰীৰ অৰুণোদয়ত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন

বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰণৱ কুমাৰ ফুকনৰ লগতে বিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক এই অনুষ্ঠানটোত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি স্মৃতি গ্ৰন্থও প্ৰকাশ কৰা হয় । মনোৰঞ্জন সোণোৱালৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা 'অৰুণোদয়' নামৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াই । অনুষ্ঠানটোত লিখক, সাংবাদিক তথা 'দৈনিক জনমভূমি'ৰ তিনিচুকীয়া সংস্কৰণৰ কাৰ্যবাহী অধ্যক্ষ অৰূপ বৰকটকী, ডিব্ৰুগড় হনুমান বক্স কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াৰ লগতে অঞ্চলটোৰ বহুসংখ্যক বিশিষ্ট ব্যক্তিও উপস্থিত থাকে ৷

Intro:তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হ'য় এখন সম্বৰ্ধনা অনুষ্ঠান ।

বিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অক্ষুন্ঠ শ্ৰম, ত্যাগ আৰু অহোপুৰুষাৰ্থ কৰা বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধা তথা সন্মান প্ৰদৰ্শন কৰাৰ মানষেৰে আজি বিদ্যালয় প্ৰেক্ষাগৃহত এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হ'য় ।

'অৰুণোদয়' নামৰ স্মৃতি গ্রন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াই ।Body:Date: 10-05-2019

Story: ফিল'বাৰীৰ অৰুণোদয়ত সম্বৰ্ধনা অনুষ্ঠান

:"অৰুণোদয়" স্মৃতিগ্রন্থ উন্মোচন

V/O: তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হ'য় এখন সম্বৰ্ধনা অনুষ্ঠান । ফিল'বাৰী অঞ্চলৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ সান্নিধ্যত গঢ় লৈ উঠা অৰুণোদই উচ্চ মাধ্যমিক বিদ্যালয়খনে সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অক্ষুন্ঠ শ্ৰম, ত্যাগ আৰু অহোপুৰুষাৰ্থ কৰা বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধা তথা সন্মান প্ৰদৰ্শন কৰাৰ মানষেৰে আজি বিদ্যালয় প্ৰেক্ষাগৃহত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হ'য় । বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰণৱ কুমাৰ ফুকনৰ লগতে বিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হ'য় । সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি স্মৃতি গ্ৰন্থও প্ৰকাশ কৰা হয় । মনোৰঞ্জন সোনোৱালৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা 'অৰুণোদয়' নামৰ স্মৃতি গ্রন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াই । অনুষ্ঠানটোত লিখক, সাংবাদিক তথা 'দৈনিক জনমভূমি'ৰ তিনিচুকীয়া সংস্কৰণৰ কাৰ্যাধ্যক্ষ অৰূপ বৰকটকী, ডিব্ৰুগড় হনুমান বক্স কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াইৰ লগতে অঞ্চলটোৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.