ETV Bharat / state

ডিগবৈত যুৱ কংগ্ৰেছীৰ পতাকা সহিতে কম্বল আৰু ফটকা জব্দ

ডিগবৈত নিৰ্বাচনী বিষয়া আৰু পুলিচ প্ৰশাসনৰ তালাচী অভিযান ৷ অভিযানত যুৱ কংগ্ৰেছীৰ পতাকা, কম্বল আৰু দিপাৱলীত ফুটোৱা ফটকা জব্দ ৷ নিৰ্বাচনী অধিসূচনা জাৰি কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত চলোৱা তালাচী অভিযানত জব্দ এই সামগ্ৰী ৷

author img

By

Published : Mar 5, 2021, 3:45 PM IST

election-officer-and-police-administration-carried-search-operation-in-digboi
ডিগবৈত যুৱ কংগ্ৰেছী পতাকা, কম্বল আৰু ফটকা জব্দ

তিনিচুকীয়া, 5 মাৰ্চ: নিৰ্বাচন চমু চাপি অহাৰ বাবে অধিক কঠোৰ হৈ পৰিছে ডিগবৈ আৰক্ষী ৷ উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী অধিসূচনা জাৰি কৰি ৰখাৰ মাজতে বৃহস্পতিবাৰে তৈলনগৰী ডিগবৈ চহৰৰ ডিগবৈ ক্লাৱৰ সন্মুখত সন্ধিয়া সময়ৰ পৰা নিৰ্বাচনী বিষয়া আৰু ডিগবৈ আৰক্ষী প্ৰশাসনে চলোৱা তালাচী অভিযানত এখন চাৰিচকীয়া বাহনৰ পৰা বহু সংখ্যক কম্বল, কিছু পৰিমাণে যুৱ কংগ্ৰেছী পতাকা আৰু আতচবাজী জব্দ কৰে ৷

ডিগবৈত যুৱ কংগ্ৰেছী পতাকা কম্বল আৰু ফটকা জব্দ

আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত তিনিচুকীয়া দিশৰ পৰা মাৰ্ঘেৰিটালৈ লৈ গৈ থকা অৱস্থাত AR 12 7168 নম্বৰৰ এখন ক্ৰেটা গাড়ীৰ পৰা আৰক্ষীয়ে কম্বলখিনি জব্দ কৰাৰ লগতে উক্ত গাড়ীখনৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকা জব্দ কৰে । জব্দ কৰা বাহনখনৰ চালকজনে কম্বলসমূহ নিজৰ ঘৰলৈ অনা বুলি মন্তব্য প্ৰকাশ কৰে যদিও কম্বলসমুহ ক্ৰয় কৰি অনা কোনো লিখিত কাগজ ব্যক্তিজনে প্ৰশাসনৰ আগত দেখুৱাবলৈ সক্ষম নোহোৱাত আৰক্ষীয়ে ডিগবৈ আৰক্ষী চকীলৈ লৈ যোৱাৰ ব্যৱস্থা কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: নিৰ্বাচনী আচৰণ বিধিৰ মাজতে চাপৰত 2.78 লাখ নগদ ধন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.