ডুমডুমা,21 মেঃ শেহতীয়াকৈ ৰাজ্যৰ কৃষি বিভাগৰ বিৰুদ্ধে নিতৌ নতুন নতুন দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমচাৰ মাধৱপুৰতো প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ । অভিযোগ অনুসৰি, মাধৱপুৰৰ পুৰণি পুখুৰী গাঁও পঞ্চায়তত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে অন্যান্য লোকৰ নামত নিধিৰ ধন আবন্টন দিছে ৱাৰ্ড মেম্বাৰে ।
আনহাতে, হিতাধিকাৰীসকলক চৰকাৰে প্ৰদান কৰা 1,000 টকাৰ পৰিৱৰ্তে 800 টকাকৈ প্ৰদান কৰা হৈছে । অৱশেষত গাঁও পঞ্চায়তটোৰ অন্তৰ্গত প্ৰায় 10 খন ৱাৰ্ডৰ ৰাইজে বৃহস্পতিবাৰে এই দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক- ক'ৰণা ৰোগীৰ চিকিৎসা সন্দৰ্ভত ডাঃ অভিজিৎ শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য