ডুমডুমা, 24 নৱেম্বৰঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে ম’ৰেল পুলিচৰ ঘটনা ৷ পুনৰ মৰেল পুলিচৰ প্ৰহাৰত মৃত্যু এজন নিৰীহ যুৱকৰ ৷ এই ঘটনা সংঘটিত হৈছে ডুমডুমাৰ ফিল'বাৰীত । উল্লেখ্য যে, ফিল'বাৰী ৰূপজানৰ গাড়া লাইনত মৰেল পুলিচৰ আক্ৰমণত এজন নিৰীহ যুৱক গুৰুতৰভাৱে আহত হৈছিল ৷ মৰেল পুলিচৰ অত্যাচাৰত মূমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল সুৰজ কিষাণ নামৰ যুৱকজন ৷ যুৱক জনক গৰু চুৰৰ সন্দেহত বুধবাৰৰ ওৰেটো নিশা মৰেল পুলিচৰূপী ৰাইজে চলাইছিল অত্যাচাৰ ৷ উক্ত ঘটনাটো সংঘটিত হৈছিল টঙানী সোণজানৰ ৰাম কৰণ চৌহানৰ চোতালত ৷ পৰৱৰ্তী সময়ত যুৱকজনক ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও অৱশেষত শনিবাৰে মৃত্যুবৰণ কৰে সুৰজ কিষাণে ৷
ইয়াৰ প্ৰতিবাদত ৰুপজানত ডুমডুমা-ফিল'বাৰী সংযোগী পথ অৱৰোধ কৰিছে উত্তেজিত ৰাইজে । দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ লগতে মৃত সুৰজৰ পত্নীক আশ্ৰয়ৰ বাবে বাৰ বিঘা মাটিৰ সাহায্যৰ দাবীত পথ অৱৰোধ কৰি ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় কাকজানবাসী ৰাইজে ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সম্পৰ্কত তিনিজনক আটক কৰিছে ৷