ETV Bharat / state

ৰাজ্যৰ ৰাজপথে ৰাজপথে শিশুৰ মধ্যাহ্ন ভোজনৰ খাদ্য - ডূমডুমাত মধ্যাহ্ন ভোজন পেলাই প্ৰতিবাদ ৰন্ধন কৰ্মীৰ

ডুমডুমাত ৰন্ধন কৰ্মীৰ উত্তপ্ত প্ৰতিবাদ ৷ বেচৰকাৰী সংস্থাই মধ্যাহ্ন ভোজন পেলালে বিদ্যালয়ৰ চৌহদত ৰন্ধন কৰ্মীয়ে

ডূমডুমাত বেচৰকাৰী সংস্থাই অনা মধ্যাহ্ন ভোজন পেলাই প্ৰতিবাদ ৰন্ধন কৰ্মীৰ
author img

By

Published : Nov 5, 2019, 5:23 PM IST

তিনিচুকীয়া, 5 অক্টোবৰ : ৰাজ্য চৰকাৰে লোৱা বেচৰকাৰী সংস্থাক মধ্যাহ্ন ভোজনৰ দায়িত্ব হস্তান্তৰ কৰা সিদ্ধান্তৰ বাবে ৰন্ধন কৰ্মীৰ প্ৰতিবাদত উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য ৷ সোমবাৰে তিনিচুকীয়াৰ মাকুমত ঘনশ্যাম সেৱা সমিতি নামৰ এন জি অ'টোৱে অনা মধ্যাহ্ন ভোজনৰ খাদ্য ৰাজপথত পেলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত মঙলবাৰে পুনৰ ডুমডুমাৰ হিন্দী প্ৰাথমিক বিদ্যালয়ত অনুৰূপ ঘটনা ৷ দিল্লী চৰকাৰৰ ব্লেকলিষ্টেড ঘনশ্যাম সেৱা সমিতিয়ে তিনিচুকীয়া কেন্দ্ৰীয় ৰান্ধনীশালৰ পৰা আনিছিল মধ্যাহ্ন ভোজনখিনি ৷ এন জি অ'টোৱে যোগান ধৰা দাইলৰ নামত পানী, ভাতত পোক-পৰুৱা আদি উদ্ধাৰ হোৱা বুলি দাবী কৰিছে ৰন্ধনকৰ্মী সকলে ৷ বৰ্তমান আৰক্ষী আৰু চি আৰ পি এফৰ কটকটীয়া নিৰাপত্তাৰ মাজত আছে বিদ্যালয়খনৰ চৌহদ ৷ ৰন্ধনকৰ্মী সকলে নিজৰ সন্তানৰ দৰে ছাত্ৰ-ছাত্ৰী সকলক খাদ্য যোগান ধৰা বুলিও ক্ষোভ ব্যক্ত কৰে ৷

Intro:Slug: তিনিচুকীয়াৰ ডুমডুমাত ৰন্ধন কৰ্মীৰ উত্তপ্ত পৰিস্থিতি, এন.জি. অৱে অনা খাদ্য পেলালে বিদ্যালয়ৰ চৌহদত

V.O. Sadiya : ৰাজ্য চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বাবে ৰন্ধন কৰ্মীৰ প্ৰতিবাদত উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য ৷ কালি তিনিচুকীয়াৰ মাকুমত ঘনশ্যাম সেৱা সমিতি নামৰ এন.জি.অ.টোৱে অনা মধ্যাহ্ন ভোজনৰ খাদ্য ৰাজপথত পেলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আজি ডুমডুমাৰ হিন্দী প্ৰাথমিক বিদ্যালয়ত এন জি অ' টোৱে মধ্যাহ্ন ভোজন বিতৰণ কৰাৰ সময়তে ৰন্ধন কৰ্মীসকলে ভাত, দালি সমুহ বিদ্যালয়ৰ চৌহদত দলিয়াই, পেলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ দিল্লী চৰকাৰৰ ব্লেকলিষ্টেড এন.জি.অ. টোৱে তিনিচুকীয়া কেন্দ্ৰীয় ৰান্ধনী শালৰ পৰা মধ্যাহ্ন ভোজনখিনি আনিছিল ৷ দাইলৰ নামত পানী, ভাতত পুক, পৰুৱা, লেটেৰাকে সংস্থা সমুহে কন কন ছাত্ৰ-ছাত্ৰী সকলক খাদ্য যোগান ধৰা বুলি অভিযোগ উথাপন কৰিছে ৰন্ধনকৰ্মী সকলে ৷ বৰ্তমান আৰক্ষী, চি আৰ পি এফে কটকটীয়া নিৰাপত্তা দি ৰাখিছে বিদ্যালয়খনৰ চৌহদ ৷ ৰন্ধন কৰ্মী সকলে সমগ্ৰ অসমতে নিজৰ নিজৰ লৰা ছোৱালীৰ দৰে শিশু সকলৰ ভাত ৰান্ধি খাদ্য যোগান ধৰা বুলি ক্ষোভ ব্যক্ত কৰে ৷ কিন্টু ৰাজ্য চৰকাৰ তথা শিক্ষা ভিভাগৰ এনে সিদ্ধান্তক গৰিহণা দিয়াৰ লগতে এনে সিদ্ধান্ত কেতিয়াও মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে ৰন্ধন কৰ্মীসকলে ৷ চৰকাৰৰ এনে সিদ্ধান্তৰ ফলত কন কন ছাত্ৰ ছাত্ৰী সকলৰ বাবে অনা খাদ্য পথত পেলাই প্ৰতিবাদ কৰিব লগীয়া হোৱা ঘটনাই সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Body:Byte : Rondhon kormiConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.