ETV Bharat / state

বিজেপিৰ গছৰ মূড়া ৰঞ্জিত দাস : বিধায়ক দুৰ্গা ভূমিজ

author img

By

Published : Jan 22, 2021, 7:51 PM IST

শুকুৰবাৰে ডুমডুমাত বিধায়ক দুৰ্গা ভূমিজৰ নেতৃত্বত শতাধিক কংগ্ৰেছীয়ে উলিয়ালে চাইকেল ৰেলী ৷ কৃষক বিৰুধী কৃষি আইন বাতিল, মুল্যবৃদ্ধি ৰোধৰ লগতে অন্যান্য বহু কেইটা দাবীত উলিয়াওৱা হয় এই চাইকেল ৰেলী ৷ এই প্ৰতিবাদী চাইকেল ৰেলীৰ পাছতেই সাংবাদিকৰ আগত বিধায়ক দুৰ্গা ভূমিজে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক কৰিলে কটাক্ষ্য ৷

doomdooma_protest
ডুমডুমাত বিধায়ক দুৰ্গা ভূমিজৰ নেতৃত্বত কংগ্ৰেছৰ চাইকেল ৰেলী

ডুমডুমা, 22 জানুৱাৰী : 2021 চনৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই ৰাজ্যত বিভিন্ন প্ৰতিবাদৰ ঢৌৱে গা কৰি উঠিছে ৷ ৰাজ্যত অব্যাহত আছে শাসনাধীস্থ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ৷ আজি অৰ্থাৎ শুকুৰবাৰে ডুমডুমাত বিধায়ক দুৰ্গা ভূমিজৰ নেতৃত্বত শতাধিক কংগ্ৰেছীয়ে উলিয়ালে চাইকেল ৰেলী ৷ কৃষক বিৰুধী কৃষি আইন বাতিল, মুল্যবৃদ্ধি ৰোধৰ লগতে অন্যান্য বহু কেইটা দাবীত উলিয়াওৱা হয় এই চাইকেল ৰেলী ৷ ডুমডুমা ৰাজীৱ ভৱনৰ পৰা বাহিৰ কৰা এই চাইকেল ৰেলী ডুমডুমা নগৰ পৰিভ্ৰমণ কৰি ডুমডুমা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত চক্ৰ বিষয়াক এক স্মাৰক পত্ৰ প্ৰদান কৰি চাইকেল ৰেলীৰ সামৰণি মাৰে ।

বিজেপিৰ গছৰ মূড়া ৰঞ্জিত দাস : বিধায়ক দুৰ্গা ভূমিজ

এই প্ৰতিবাদী চাইকেল ৰালীৰ পাছতেই সাংবাদিকৰ আগত বিধায়ক দুৰ্গা ভূমিজে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক কটাক্ষ্য কৰি মন্তব্য প্ৰদান কৰে যে, "ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ২০২১ ৰ বিধানসভা নিৰ্বাচনত নিজৰ সমষ্টিতে হাৰিব, সেয়া ১০০ শতাংশ নিশ্চিত ৷ আনকি ৰঞ্জিত দাস বিধান সভাৰ অধ্যক্ষৰ বাবে অযোগ্য হোৱাৰ বাবেই দাসক অধ্যক্ষৰ পৰা নমাই আনি বিজেপিয়ে গছৰ মূড়া হিচাপে ৰাখিছে" বুলি কটাক্ষ্য কৰে বিধায়ক দুৰ্গা ভূমিজে ৷

অন্যহাতে, আগন্তুত সময়ত কংগ্ৰেছৰ মহাজোট গঠবন্ধনে অসমত চৰকাৰ গঠন কৰিব বুলিও ডুমডুমাৰ বিধায়ক গৰাকীয়ে দাবী কৰিছে ৷

লগতে পঢ়ক : লাঠিৰে কোবাই কোবাই হত্যা শুকুৰ আলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.