ETV Bharat / state

ডুমডুমাত প্ৰাৰ্থীত্ব প্ৰদানক লৈ অসন্তুষ্টঃ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

author img

By

Published : Mar 5, 2021, 4:42 PM IST

প্ৰাৰ্থীত্ব কেন্দ্ৰিক অসন্তুষ্টিৰ বাবে তিনিচুকীয়া জিলাৰ ডুমডুমাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ বিজেপিৰ দলীয় কৰ্মীৰ । স্থানীয় যোগ্য প্ৰাৰ্থীক টিকট নিদিলে বিজেপিয়ে আগন্তুক নিৰ্বাচনত ডুমডুমা বিধানসভা সমষ্টি হেৰুৱাব বুলি হুংকাৰ বিজেপিৰ তৃণমূলৰ কৰ্মকৰ্তাসকলৰ ।

ডুমডুমাত প্ৰাৰ্থীত্ব প্ৰদানক লৈ অসন্তুষ্টঃ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
ডুমডুমাত প্ৰাৰ্থীত্ব প্ৰদানক লৈ অসন্তুষ্টঃ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ডুমডুমা, ৫ মাৰ্চ: ক্ৰমাত উত্তপ্ত হৈ পৰিছে ডুমডুমাৰ ৰাজনৈতিক বতাহ । শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ বিজেপিৰ দলীয় কৰ্মীৰ । প্ৰাৰ্থীত্ব কেন্দ্ৰিক অসন্তুষ্টিৰ বাবেই বিজেপিৰ একাংশ দলীয় কৰ্মীয়ে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ডুমডুমা সমষ্টিত চালানি প্ৰাৰ্থীৰ পৰিৱৰ্তে স্থানীয় প্ৰাৰ্থী লক্ষেশ্বৰ মৰাণক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

'আমাক চালানী প্ৰাৰ্থী নালাগে', 'স্থানীয় লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰক' আদি শ্ল'গানেৰে ডুমডুমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । স্থানীয় যোগ্য প্ৰাৰ্থীক টিকট নিদিলে বিজেপিয়ে আগন্তুক নিৰ্বাচনত ডুমডুমা বিধানসভা সমষ্টি হেৰুৱাব বুলি হুংকাৰ প্ৰদান কৰে বিজেপিৰ তৃণমূলৰ কৰ্মকৰ্তাসকলে । উল্লেখযোগ্য যে, সঞ্জয় কিষানক ডুমডুমাত টিকট প্ৰদানক লৈ চলি থকা চৰ্চাৰ মাজতে দলটোৰ তৃণমূল কৰ্মীয়ে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা বিষয়টো লক্ষনীয় হৈ পৰিছে ।

লগতে পঢ়ক: নিৰ্বাচনলৈ সাজু ধুবুৰী জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.