ETV Bharat / state

Phillobari Veterinary hospital: পয়া লগা অৱস্থাত পৰিণত ফিল’বাৰী পশু চিকিৎসালয় - মন্ত্ৰী অতুল বৰা

জৰাজীৰ্ণ অৱস্থাতত পৰিণত হৈছে ফিল’বাৰী পশু চিকিৎসালয়খন ৷ কাণসাৰ নাই পশুপালন বিভাগ কিম্বা স্থানীয় বিধায়কৰ ৷ চিকিৎসালয়খনত এজন চিকিৎসক আছে যদিও বছৰৰ অৰ্ধেক দিনেই নাহে চিকিৎসালয়লৈ ৷ পশু চিকিৎসালয়খন ৰাইজৰ উপযোগী হোৱাকৈ পুনৰ উজ্জীৱিত কৰিবলৈ দাবী ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ (Phillobari Veterinary hospital) ৷

Dilapidated condition of Phillobari Veterinary hospital in Tinsukia
জৰাজীৰ্ণ অৱস্থাতত ফিল’বাৰী পশু চিকিৎসালয়
author img

By

Published : Dec 31, 2022, 1:18 PM IST

জৰাজীৰ্ণ অৱস্থাতত ফিল’বাৰী পশু চিকিৎসালয়

তিনিচুকীয়া, 31 ডিচেম্বৰ: "মন্ত্ৰী অতুল বৰা এজন কাম নাইকিয়া তথা এলেহুৱা মন্ত্ৰী ৷ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই কমিচনৰ অংক পাই নেকি ? ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কমিচনৰ অংক পাই নেকি ? স্থানীয় বিধায়ক ৰূপেশ গোৱালাৰ লগত কিবা গোপন বৈঠক বহে নেকি ?" এয়া আমি সোধা প্ৰশ্ন নহয় এয়া ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰশ্ন ৷ আচলতে কি কাৰণত এনেদৰে ছাত্ৰ সন্থাৰ নেতৃত্বই ক্ষোভ ব্যক্ত কৰিলে মন্ত্ৰী বিধায়কৰ ওপৰত, সেয়া জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

'আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল' এই বাক্যশাৰীয়েই যেন আখৰে আখৰে পালন কৰিছে উন্নয়নৰ জয় গান গোৱা অসম চৰকাৰৰ পশু চিকিৎসা বিভাগৰ তিনিচুকীয়া জিলাৰ ফিল’বাৰী পশু চিকিৎসালয়খনে (Phillobari Veterinary hospital in Tinsukia) । তিনিচুকীয়া জিলাৰ বৃহত্তৰ ফিল’বাৰী অঞ্চলৰ প্ৰায় ৫০ খন গাঁৱৰ বাবে নিৰ্মাণ কৰা হৈছিল এখন পশু চিকিৎসালয় ৷ নাম ফিল’বাৰী পশু চিকিৎসালয় ৷ কিন্তু বৃহত্তৰ ফিল’বাৰী অঞ্চলৰ এই একমাত্ৰ পশু চিকিৎসালয়খন এতিয়া পৰ্যবসিত হৈছে জৰাজীৰ্ণ অৱস্থাত ৷

বৰ্তমান পশু বিভাগৰ হেমাহীত পয়া লগা অৱস্থালৈ পৰিণত হৈছে পশু চিকিৎসালয়খন (Dilapidated condition of Veterinary hospital) ৷ বৃহত্তৰ অঞ্চলটোৰ পশু চিকিৎসাৰ ক্ষেত্ৰত ৰাইজে নাপাই সুবিধা (Poor condition Veterinary hospital) ৷ সেয়া এই সন্দৰ্ভত পশুচিকিৎসা বিভাগৰ ওপৰত ক্ষোভ ব্যক্ত কৰিছে ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাই (Phillobari Regional Students Union) ৷

ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই কয় যে, ফিল’বাৰী পশু চিকিৎসালয়ত চৰকাৰে পশু চিকিৎসক হিচাপে নিযুক্তি দিছে ডাঃ সত্যজিত দেউৰী নামৰ এজন চিকিৎসকক ৷ কিন্তু চিকিৎসক দেউৰী অধিকাংশ দিনেই উপস্থিত নাথাকে চিকিৎসালয়খনত ৷ ফলত চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া হয় বৃহত্তৰ অঞ্চলটোৰ জীৱ-জন্তুসমূহ ৷

লগতে কয় যে আনকি পশু চিকিৎসালয়খনত চৰকাৰে যোগান ধৰা জীৱ-জন্তুৰ ঔষধসমূহো চিকিৎসক দেউৰীয়ে কলা বজাৰত বিক্ৰী কৰে ৷ কিন্তু এই বিষয়ত ৰাজ্যৰ পশুপালনমন্ত্ৰীয়ে কোনো কাণসাৰ দিয়া নাই ৷ পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই কয় যে মন্ত্ৰী অতুল বৰা এজন কাম নাইকিয়া মন্ত্ৰী (RSU criticize Veterinary minister Atul Bora) ৷ দেউৰীৰ পৰা কমিচনৰ অংক পাই নেকি বুলিও প্ৰশ্ন কৰে ছাত্ৰ সন্থাৰ নেতৃত্বই ৷

পশু চিকিৎসক দেউৰীৰ ওপৰত তদন্ত কৰি চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে অসম চৰকাৰক পুনৰ কৃষকসকলৰ সুবিধাৰ বাবে ফিল’বাৰী পশু চিকিৎসালয়খন (Veterinary Hospital) উজ্জীৱিত কৰিবলৈ দাবী জনাই ছাত্ৰ সন্থাৰ নেতৃত্বই ৷ অন্যথা অনাগত দিনত পশু চিকিৎসা বিভাগৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই ।

লগতে পঢ়ক: Pathetic condition of govt school: জৰাজীৰ্ণ বিদ্যালয়ত এজন শিক্ষকেৰে চলিছে দুই শতাধিক শিক্ষাৰ্থীৰ পাঠদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.