ETV Bharat / state

ডিগবৈত অপহৰণক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়া জিলাৰ জাগুণৰ ১০মাইল বিষ্ণুপুৰৰ যুৱক বৈকুণ্ঠ সন্দিকৈক সন্দেহযুক্ত উগ্ৰপন্থীয়ে অপহৰণ কৰি নিয়াৰ ১৮দিন উকলি যোৱাৰ পাছতো কোনো শুংসূত্ৰ নোলোৱাত শুকুৰবাৰে স্থানীয় ৰাইজে অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

Digboi kidnap Tinsukia assam etv bharat news
ডিগবৈত অপহৰণ
author img

By

Published : Feb 29, 2020, 4:16 AM IST

ডিগবৈ,28 ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ জাগুণৰ ১০মাইল বিষ্ণুপুৰৰ যুৱক বৈকুণ্ঠ সন্দিকৈক সন্দেহযুক্ত উগ্ৰপন্থীয়ে অপহৰণ কৰি নিয়াৰ ১৮দিন উকলি যোৱাৰ পাছতো কোনো শুংসূত্ৰ নোলোৱাত শুকুৰবাৰে স্থানীয় ৰাইজে অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে বৈকুণ্ঠক নিয়োগ কৰা ডিগবৈৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাজু খানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

জাগুণ অপহৰণ

শুকুৰবাৰে জাগুনৰ পৰা প্ৰায় শতাধিক স্থানীয় ৰাইজে ডিগবৈস্থিত ৰাজু খানৰ বাসগৃহত উপস্থিত হৈ ব্যৱসায়ীজনক বিচাৰি উত্তপ্ত কৰি তোলে পৰিৱেশ । উল্লেখ্য যে,খানৰ মালিকানাধীন জাগুনস্থিত শিলৰ কোঁৱেৰী এটাত মহৰী হিচাপে কৰ্মৰত বৈকুণ্ঠক বিগত ১১ ফেব্ৰুৱাৰীত সন্দেহযুক্ত আলফাৰ এটা দলে অপহৰণ কৰে ৷ ঘটনা সন্দৰ্ভত আজিকোপতি ৰাজু খান অথবা আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবাদ সাব্যস্ত কৰে জনসাধাৰণে ৷ বৈকুণ্ঠৰ পিতৃ তৰুণ সন্দিকৈ আৰু মাতৃ মনোমাই সন্দিকৈয়ে ৰাজু খানক অনতিপলমে পুত্ৰক মোকোলাই আনিবলৈ কাতৰ আহ্বান জনায় । প্ৰতিবাদস্থলীত মাৰ্ঘেৰিটা মহকুমাৰ আৰক্ষী বিষয়া দেৱব্ৰত মাৰাং আৰু ডিগবৈ আৰক্ষী থানাৰ প্ৰভাৰী নিকুঞ্জ বৰ্মন উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বৈকুণ্ঠক শীঘ্ৰে মোকোলাই অনাৰ প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবাদ স্থগিত ৰাখে ৰাইজে ।

লগতে চাওকঃজুবিনৰ আৰোগ্য কামনাৰে মাজুলীৰ নামঘৰত ৰাইজৰ প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.