ETV Bharat / state

গাওঁবাসীৰ প্ৰকৃতি প্ৰেমঃ বনৰ ধনেশ এতিয়া ঘৰচীয়া - তিনিচুকীয়াৰ বৃহত্তৰ বাৰেকুৰি অঞ্চল

তিনিচুকীয়াৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ ন-মটাপুং গাঁৱৰ কেবাটাও পৰিয়ালে আঘাতপ্ৰাপ্ত ধনেশক উদ্ধাৰ কৰি যত্ন লৈ সুস্থ কৰি তুলিছে ৷ সেয়ে গঞা ৰাইজৰ মৰমত বনৰ ধনেশ পক্ষী হৈ পৰিছে এতিয়া ঘৰচীয়া ৷

বনৰ ধনেশ এতিয়া ঘৰচীয়া
বনৰ ধনেশ এতিয়া ঘৰচীয়া
author img

By

Published : Aug 8, 2020, 8:23 PM IST

তিনিচুকীয়া, 8 আগষ্টঃ প্ৰকৃতি প্ৰেমৰ নিদৰ্শনেৰে উদ্ভাশিত হৈ পৰিছে এখন গাঁও ৷ গাঁওবাসীৰ মৰমত বনৰ ধনেশ পক্ষী হৈ পৰিছে এতিয়া ঘৰচীয়া ৷ গাঁৱখনৰ ৰাইজে আঘাতপ্ৰাপ্ত হৈ থকা পক্ষী সমূহক যত্ন লৈ সু্স্থ কৰি তোলে আৰু পাচত পুনৰ বননিত এৰি দিয়ে ৷ এনে দৰেই গাওঁবাসীয়ে মধুৰ সম্পৰ্ক ৰক্ষা কৰিছে ধনেশ পক্ষীৰ লগত ৷

বনৰ ধনেশ এতিয়া ঘৰচীয়া

ঘৰৰ পোহনীয়া আন পক্ষী হাঁহ-কুকুৰাৰ লগত একেদৰেই সহৱস্থান কৰিছে এহাল ধনেশ পক্ষীয়ে ৷ হাঁহ-কুকুৰাৰ দৰেই এতিয়া পৰিয়ালটোৰ পোহনীয়া হৈ পৰিছে ধনেশ দুটা ৷ পক্ষীহাল পৰিয়ালটোৰ অতিকে আপোন হৈ পৰাৰ কাৰণ হ’ল, পৰিয়ালটোৰ যত্নতেই সুস্থ হৈ উঠিল ধনেশ দুটা ৷

উল্লেখ্য যে, প্ৰায় তিনিমাহ পূৰ্বে অহা ধুমুহাত বাঁহ গছত থকা ধনেশ পক্ষীৰ বাহ ভাঙি পৰাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল পক্ষীহাল ৷ তাৰ পাচতেই মহানুভৱতাৰ নিদৰ্শন ধৰি বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ ন-মটাপুং গাঁৱৰ পৰিয়ালটোৱে আঘাতপ্ৰাপ্ত এহাল ধনেশ পক্ষীক উদ্ধাৰ কৰি নিজাববীয়াকৈ প্ৰদান কৰে ঘৰুৱা চিকিৎসা ৷ তেতিয়াৰ পৰাই তেওঁলোকে পক্ষীহালক দৈনিক দুবাৰকৈ খাদ্য খুৱাই থকাৰ লগতে যত্ন লৈ আহিছে ৷ ধনেশৰ পোৱালী দুটাক ল’গ কৰিবলৈ আহে মাতৃৰ লগতে ধনেশৰ জাকটো ৷

গাঁওখনৰ কেবাটাও পৰিয়ালে ধুমুহাটোত আঘাতপ্ৰাপ্ত হোৱা ধনেশ পক্ষীক উদ্ধাৰ কৰি অনি সুস্থ কৰি পুনৰ বননিত এৰি দিছে ৷ ইপিনে এই দুটা ধনেশ পোৱালিও সুস্থ হৈ উঠিলে এৰি দিয়া হ’ব বুলি জানিবলৈ দিয়ে যত্ন লৈ অহা পৰিয়ালটোৰ লোকজনে ৷

লগতে পঢ়কঃ দুগ্ধপান কৰোৱাৰ সময়ত মাতৃয়ে কি কি খাব লাগে?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.