ETV Bharat / state

তিনিচুকীয়াত আলফা(স্বা)ৰ প্ৰতি বিশেষ আহ্বান আৰক্ষী সঞ্চালক প্ৰধানৰ - Citizen Financial Cyber Fraud Reporting and Management System

ৰাজ্যত শেহতীয়াকৈ আলফা(স্বা)ত বহু যুৱক-যুৱতীয়ে যোগদান কৰা বিষয়টোৱে উদ্বিগ্নতাৰ সৃষ্টি কৰাৰ সময়তে এই সম্পৰ্কত মন্তব্য প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskar Jyoti Mahanta reacts on youth joining ULFA I) ৷ আলফা(স্বা)ৰ প্ৰতি বিশেষ আহ্বানো জনালে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

Youth Joining ULFA-I
আলফা(স্বা)ৰ প্ৰতি বিশেষ আহ্বান আৰক্ষী সঞ্চালক প্ৰধানৰ
author img

By

Published : Apr 22, 2022, 7:49 PM IST

তিনিচুকীয়া, 22 এপ্ৰিল: শেহতীয়াকৈ আলফা(স্বা)ত ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে যোগদান কৰাৰ সন্দেহ কৰা হৈছে ৷ হঠাৎ পুনৰ এনেদৰে ৰাজ্যৰ বহু শিক্ষিত যুৱক-যুৱতী আলফামুখী হোৱা বিষয়টোৱে স্বাভাৱিকতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskar Jyoti Mahanta reacts on youth joining ULFA I) ৷

তিনিচুকীয়াত উপস্থিত হোৱা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক সাংবাদিকে কৰা প্ৰশ্নোত্তৰত কয় যে, এসময়ত অসমত যি তেজৰ নৈ বৈছিল, হত্যা হৈছিল, বোমা-বাৰুদৰ ভীতিগ্ৰস্ততা হৈছিল সেইসমূহ লাহে লাহে অসমৰ জনমানসৰ পৰা নোহোৱা হৈছে ৷ ইয়াক পুনৰুজ্জীৱিত কৰিবলৈ গ’লে দুৰ্ভাগ্যজনক হ’ব ৷ পূৰ্বৰ সেই পৰিৱেশ পুনৰ ঘূৰাই নানিবলৈ আলফা(স্বা)ৰ প্ৰতি আহ্বান জনায় ভাস্কৰজ্যোতি মহন্তই ৷ ইয়াৰ পৰিৱৰ্তে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত অসমীয়া যুৱক-যুৱতীক কৰ্মমুখী কৰিবলৈ আলফা(স্বা)ক আহ্বান জনালে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (Assam DGP requests ULFA-I) ৷

আলফা(স্বা)ৰ প্ৰতি বিশেষ আহ্বান আৰক্ষী সঞ্চালক প্ৰধানৰ

আনহাতে, দুষ্ট চক্ৰই অইলৰ চাৰ্ভাৰ হেক কৰাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ভাষ্কৰজ্যোতি মহন্তই (Oil India systems hacked)। এনে দুষ্ট চক্ৰৰ পৰা সকলোকে সাৱধান হ'বলৈ আহ্বান জনাই এনে কোনো ঘটনা হ’লে শীঘ্ৰে অসম আৰক্ষীৰ হেল্পলাইন নম্বৰ ১৯৩০ ত যোগাযোগ কৰিবলৈও অসমবাসীক আহ্বান জনালে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (Citizen Financial Cyber Fraud Reporting and Management System) ।

লগতে পঢ়ক: জিগনেশক গ্ৰেপ্তাৰ কৰাতকৈ আৰক্ষীক নাৰী নিৰ্যাতনৰ গোচৰত গুৰুত্ব দিয়াৰ পৰামৰ্শ বিৰোধী দলপতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.