ETV Bharat / state

DGP GP Singh: তিনিচুকীয়াত ডিজিপিৰ দুখনকৈ আইন-শৃংখলা পৰ্যালোচনা বৈঠক; আলফা (স্বাঃ)ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ হুংকাৰ

আগন্তুক স্বাধীনতা দিৱসত যাতে উজনি অসমত কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ আইন-শৃংখলা পৰ্যালোচনা বৈঠক ৷ আলফা স্বাধীনক ঘূৰি আহি অসমৰ উন্নয়নৰ অংশীদাৰ হোৱাৰ আহ্বান ৷

author img

By

Published : Aug 9, 2023, 6:51 PM IST

DGP GP Singh
DGP GP Singh
DGP GP Singh

তিনিচুকীয়া, ৯ আগষ্ট: সমাগত দেশৰ স্বাধীনতা দিৱস ৷ উজনি অসমৰ চৌদিশে আলফা(স্বাঃ)ৰ ধনদাবীয়ে সংবাদ শিৰোনাম দশল কৰাৰ সময়তে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বুধবাৰে তিনিচুকীয়াৰ গেলাপুখুৰীৰ বাইপাছ পথস্থিত কনভেনচন চেন্টাৰত আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতিত আইন শৃংখলাৰ ওপৰত পৃথকে পৃথকে দুখন বিশেষ বৈঠক অনুষ্ঠিত হয় ৷

পুৱা ১১ বজাৰ পৰা উজনিৰ আঠখন জিলাৰ আৰক্ষী অধীক্ষক, ভাৰতীয় সেনাবাহিনী, আসাম ৰাইফলচ, অৰ্ধসামৰিক বাহিনী, চোৰাংচোৱা বিভাগৰ স’তে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ বৈঠক অনুষ্ঠিত হয় ৷ সঞ্চালক প্ৰধান জি পি সিঙক সংগ দিয়ে উজনিৰ IGP জিৎমল দলেয়ে ৷ উজনিৰ আঠখন আৰক্ষী জিলা হৈছে ক্ৰমে শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেও, লক্ষীমপুৰ, যোৰহাট, শিৱসাগৰ আৰু ধেমাজি ৷

বৈঠকত আইন-শৃংখলাৰ লগতে উগ্ৰপন্থীৰ কাৰ্যকলাপ সন্দৰ্ভতো গুৰুত্বপূৰ্ণভাৱে আলোচনা হয় । বৈঠকত সংযুক্ত মুক্তি বাহিনী অসম, স্বাধীনলৈ যুৱকযুৱতী নতুনকৈ যোগদান প্ৰক্ৰিয়া চলি থকাৰ লগতে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যাতে উজনিত কোনো কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে সেইসন্দৰ্ভত আৰক্ষী তথা চোৰাংচোৱা বিভাগৰ হাতত থকা তথ্যৰ ওপৰত সবিস্তাৰে আলোচনা কৰে ৷

ইয়াৰ লগতে উজনিৰ বিভিন্ন চাহবাগিছা তথা ব্যৱসায়িক আলফা(স্বাঃ)য়ে কৰা ধনদাবীৰ ওপৰতো বিতংভাৱে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আলোচনা কৰি প্ৰথমখন বৈঠক দিনৰ দুই বজাত সামৰণি মাৰি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ৷

পৰৱৰ্তী সময়ত পুনৰ তিনি বজাৰ পৰা দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেড, অসম গেছ কোম্পানী, ডিগবৈৰ আই অ’ চি এল, শিৱসাগৰৰ অ’ এন জি চি ৰ নিৰাপত্তাৰ ওপৰত বিভাগীয় বিষয়াসকলৰ উপস্থিতিত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আলোচনা কৰে ৷ উপৰোক্ত প্ৰতিষ্ঠানসমূহৰ লগতে প্ৰতিষ্ঠানসমূহৰ স’তে সংযোগ থকা পাইপ লাইনসমূহত যাতে কোনো কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আলোচনাত মিলিত হয় ৷

আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে পৰেশ বৰুৱাক নিমন্ত্ৰণ জনোৱাৰ সন্দৰ্ভত কোনো মন্তব্য কৰাৰ অধিকাৰ নাই বুলি সদৰী কৰে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ৷ সমান্তৰালভাৱে, আলফা (স্বাঃ)য়ে জি পি সিঙক সকীয়নি প্ৰদান কৰাৰ সন্দৰ্ভত কয় যে দূৰত থাকি কৈ থাকিলে নহ’ব ৷ আমি নিজৰ দায়িত্ব পালন কৰি আহিছোঁ ৷ গতিকে ইয়াত আহক, কি কৰিছোঁ চাই উন্নয়নৰ অংশীদাৰ হওক ৷

‘‘যিসকল যুৱক-যুৱতী আলফা(স্বাঃ) লৈ গৈছিল সেইসকল ঘূৰি আহিবলৈ প্ৰতিদিনেই যোগাযোগ কৰি আছে আৰু আমিও চেষ্টা চলাই আছোঁ বুলিও তেওঁ কয় । শিবিৰত যুৱক-যুৱতীসকল বহুত কষ্টত আছে, শিবিৰত চাউল শেষ হৈ গ’ল ৷ অসমীয়া ল’ৰাই ভাত খাব নাপালে কেনেকৈ থাকিব ৷ গতিকে আমি নাগালেণ্ড আৰু অৰুণাচলৰ লগত কথা পাতি আছোঁ যাতে এটা সুৰক্ষিত পথ পালে তেওঁলোক ঘূৰি আহিব পাৰে ৷’’ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় ৷

লগতে পঢ়ক: Assam CM invites Paresh Baruah to Assam: পৰেশ বৰুৱাক সাতদিন অসমত আহি থাকি যাবলৈ নিমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.