ডিগবৈ, ১৮ ফেব্ৰুৱাৰী: ২০২১ ৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ সামন্তৰালভাৱে, ৰাষ্ট্ৰীয় তথা আঞ্চলিকতাবাদী ৰাজনৈতিক দল সমূহে বিভিন্ন কৌশলেৰে ৰাইজৰ কাষলৈ গৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈ চহৰত প্ৰদেশ কংগ্ৰেছৰ এটি সজাতি দলসহ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া সহিতে কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে 'অসম বচাওঁ' শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে দিনজোৰা কাৰ্য্যসূচীৰে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰে ৷
![ডিগবৈত কংগ্ৰছৰ 'অসম বচাওঁ অভিযান'ৰ প্ৰচাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/debabratsaikiavisitindigboias10027_18022021152940_1802f_1613642380_44.jpg)
দিনজোৰা কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পাছতে ডিগবৈ চহৰৰ একাংশ সৰু-বৰ ব্যৱসায়ী প্ৰতিষ্ঠানত ব্যৱসায়ীসকলৰ ব্যৱসায় তথা সুসাধ্যমূলক খবৰ লোৱাৰ হেতুকে সমগ্ৰ ডিগবৈ চহৰখনত কংগ্ৰেছৰ এটা বৃহৎ সজাতি দলে মত বিনিময়ৰ অনুষ্ঠান সম্পন্ন কৰে । উক্ত কাৰ্যসূচীত চত্তিশগড়ৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায়েও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।
লগতে পঢ়ক:পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধ ৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া