ETV Bharat / state

তিনিচুকীয়াৰ প্ৰাক্তন ছাত্ৰ নেতা ৰাজকুমাৰ গগৈ আৰু নাই

author img

By

Published : Jan 21, 2021, 1:13 PM IST

Updated : Jan 21, 2021, 1:23 PM IST

পুৱতি নিশা প্ৰায় ২বজাত মৃত্যুক সাৱতি লয় তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সমাজকৰ্মী ৰাজকুমাৰ গগৈয়ে ৷ ২০০৩ চনৰ পৰাই তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত প্ৰয়াত গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে তিনিচুকীয়াবাসী ৰাইজে ৷

Death news_aasu_rajkumar gogoi
ৰাজকুমাৰ গগৈ আৰু নাই

তিনিচুকীয়া, 21 জানুৱাৰী: তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সমাজকৰ্মী ৰাজকুমাৰ গগৈ আৰু নাই ৷ আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱতি নিশা শেষ নিশ্বাষ ত্যাগ কৰে আছুৰ প্ৰাক্তন নেতা গৰাকীয়ে ৷ মৃত্যুৰ সময়ত নেতাজনৰ বয়স আছিল ৪২ বছৰ ৷ উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত আজি পুৱতি নিশা প্ৰায় ২বজাত মৃত্যুক সাৱতি লয় ৷

তিনিচুকীয়াৰ প্ৰাক্তন ছাত্ৰ নেতা ৰাজকুমাৰ গগৈ আৰু নাই

২০০৩ চনৰ পৰাই তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত আছিল ৷ প্ৰয়াত গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি তিনিচুকীয়া জিলা বহু দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে ৷ কাকপথাৰৰ ব্যৱসায়ী সন্থাই নেতাজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে কাকপথাৰ চহৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি প্ৰয়াত নেতাজনলৈ শ্ৰদ্ধাঞ্জলী আগবঢ়ায় ৷ প্ৰয়াত গগৈৰ নশ্চৰ দেহ কাকপথাৰ ৰাজহুৱা পুথিভঁৰালৈ নি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে পঢ়ক : বাক্সা জিলাৰ বাৰাপেটাত বন্যহস্তীৰ তাণ্ডৱ : নিহত এজন

Last Updated : Jan 21, 2021, 1:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.