ETV Bharat / state

তিনিচুকীয়াৰ মৰুৎ নন্দন কানন উদ্যানত মৃতদেহ উদ্ধাৰ - তিনিচুকীয়া মৰুৎ নন্দন কানন উদ্যান

তিনিচুকীয়া-দুলীয়াজানৰ ঘাইপথৰ কাষত থকা ন-পুখুৰী(na pukhuri)স্থিত মৰুৎ নন্দন কানন(marut nandan kanan) উদ্যানত শনিবাৰে পুৱা মৃতদেহ উদ্ধাৰ ৷ মৃত ব্যক্তিজন জিতেন চাহানীৰ পুত্ৰ গোবিন চাহানী (২৭) বুলি জানিব পৰা গৈছে ৷

dead-body-found-in-tinsukia-napukhuri-park
তিনিচুকীয়া মৰুৎ নন্দন কানন উদ্যানৰ ভিতৰত মৃতদেহ উদ্ধাৰ
author img

By

Published : Jun 5, 2021, 1:32 PM IST

তিনিচুকীয়া,5 জুন: শনিবাৰে পুৱা তিনিচুকীয়া-দুলীয়াজানৰ ঘাইপথৰ কাষত থকা ন-পুখুৰীস্থিত মৰুৎ নন্দন কানন উদ্যানৰ ভিতৰত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ এক মৃতদেহ । মৃত ব্যক্তিজন জ্যোতি নগৰৰ সমীপৰ আশা নগৰস্থিত জিতেন চাহানীৰ পুত্ৰ গোবিন চাহানী (২৭) বুলি জানিব পৰা গৈছে ।

মৰুৎ নন্দন কানন উদ্যানত মৃতদেহ উদ্ধাৰ

পৰিয়ালৰ ব্যক্তিয়ে জনোৱা মতে, গোবিন চাহানী শুকুৰবাৰে সন্ধিয়া ৭ বজাৰ পৰা সন্ধানহীন হৈ আছিল । কিন্তু শনিবাৰে পুৱা ন পুখুৰীস্থিত মৰুৎ নন্দন কানন উদ্যানৰ ভিতৰত মৃতদেহ উদ্ধাৰ হোৱাৰ কথা খবৰ পাই চাহানীৰ পৰিয়ালৰ লোক উদ্যানত উপস্থিত হৈ মৃতদেহটো গোবিন চাহানীৰ বুলি চিনাক্ত কৰে ৷

উল্লেখ্য যে, গোবিন চাহানীৰ মৃত্যু আত্মহত্যা নে হত্যা এতিয়ালৈ পোহৰলৈ অহা নাই ৷ ঘটনা সন্দৰ্ভত আৰক্ষী-প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : বকোৰ ৰাজাপাৰাত ঘাইপথৰ সমীপতে বন ধ্বংস যজ্ঞ : নিৰ্বিকাৰ বন বিভাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.