তিনিচুকীয়া, 21 মে': কেতবোৰ গুৰুত্বপূৰ্ণ দাবীৰে শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে বামপন্থী সংগঠন চিপিআই(এম-এল)য়ে ৷ ইয়াৰ সমান্তৰালভাৱে চিপিআই(এম-এল) তিনিচুকীয়া জিলা সমিতিও অব্যাহত ৰাখে প্ৰতিবাদ । তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বাধীন পানীতোলা আৰু লেংৰাই পঞ্চায়তৰ স্থানীয় সমিতিৰ উদ্যোগত ৰাজ্যিক কাৰ্যসূচীৰ অংশ হিচাপে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ দেৱনাথ মাঝিৰ নেতৃত্বত পানীতোলা চাহ বাগিছাৰ গুটিবাৰী লাইনত, সূৰয মাহালিৰ নেতৃত্বত উক্ত বাগিছাৰে মুখ্য কাৰ্যালয়ৰ সন্মুখত আৰু লেংৰাই স্থানীয় সমিতিৰ সম্পাদক সুনীল তাঁতীৰ নেতৃত্বত কামুহাটত কেইবাটাও দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সমগ্ৰ ৰাজ্যত দাবী দিৱস হিচাপে পালন কৰা হয় । দাবীসমূহ হৈছে-
১) সকলোকে বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰক, অনলাইন পঞ্জীয়ন ব্যৱস্থা বাতিল কৰক ।
২) চহৰ গ্ৰামাঞ্চল আৰু চাহ বাগিছাসমূহত পৰ্যাপ্ত সংখ্যক ক‘ভিড পৰীক্ষা আৰু ভেকচিন কেন্দ্ৰ স্থাপন কৰক ।
৩) অক্সিজেন পৰ্যাপ্ত পৰিমাণে মজুত ৰাখক, শীঘ্ৰে আন্তঃগাঁথনি উন্নত কৰক ।
৪) উপাৰ্জনহীন ৰিক্সা, ঠেলাচালক, অটো-কেবৰ চালক, পথ ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ীক মাহে ৭,৫০০.০০ (সাতহেজাৰ পাঁচশ) টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰক ।
তদুপৰি পাৰ্টিৰ ৰাজ্য সমিতিৰ তৰফৰ পৰা ক’ভিড ৰোগীৰ মে়ডিকেল বুলেটিন নিতৌ প্ৰকাশ কৰাৰ আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰো দাবী জনাইছে চিপিআই(এম-এল) তিনিচুকীয়া জিলা সমিতিয়ে ।
লগতে পঢ়ক: বিধায়ক বলীন চেতিয়াৰ পিতৃৰ বিয়োগ