ETV Bharat / state

বৰডুমচাত জব্দ 26 টা চোৰাং গৰু

তিনিচুকীয়াত জব্দ চোৰাং গৰু ৷ বৰডুমচাৰ পৰা অৰুণাচললৈ লৈ যোৱাৰ পথতে স্থানীয় দল-সংগঠনে গৰু ভৰ্তি বাহনখন জব্দ কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে ৷ দল-সংগঠনসমূহৰ অভিযোগ এমাহ পূৰ্বৰ পৰাই অঞ্চলটোৰ পৰা হৈ আছে গৰু সৰবৰাহ ৷

As_DDM_cow_seized_in_Bordumcha_img_ASC10048
বৰডুমচাত জব্দ 26 টা চোৰাং গৰু
author img

By

Published : Nov 21, 2020, 8:44 PM IST

তিনিচুকীয়া, 21 নৱেম্বৰ : তিনিচুকীয়া জিলাত অব্যাহত আছে চোৰাং কাঠ আৰু চোৰাং গৰুৰ সৰবৰাহ ৷ শুকুৰবাৰে ধলাৰ মেগেলা গাঁৱত চোৰাং কাঠভৰ্তি ট্ৰাক স্থানীয় ৰাইজে জব্দ কৰাৰ পাছতেই শনিবাৰে ধলাৰ ২ নং দীঘল মেচাকীত অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰা ২৬ টাকৈ গৰু স্থানীয় দল সংগঠনে জব্দ কৰে । বৰডুমচা বজাৰৰ পৰা অৰুণাচল প্ৰদেশলৈ লৈ যোৱাৰ পথতে ধলাৰ ২ নং দীঘল মেচাকী গাঁৱত কেইবাটাও দল-সংগঠনৰ বিষয়ববীয়াই গৰু ভৰ্তি বাহনখন জব্দ কৰে ৷

As_DDM_cow_seized_in_Bordumcha_img_ASC10048
বৰডুমচাত জব্দ 26 টা চোৰাং গৰু

উল্লেখ্য যে, গৰু কঢ়িয়াই অনা বাহনখনৰ চালকে লীলাম্বৰ সোণোৱাল নামৰ ব্যক্তি এজনৰ নামত ৭ লাখ ৩০ হাজাৰ টকাৰ এখন ৰচিদ দেখুৱাই যদিও ৰচিদখনত কোনো চীল-মোহৰ নথকাত গৰুকেইটা অবৈধভাৱে সৰবৰাহ কৰা বুলি উল্লেখ কৰে | এমাহ পূৰ্বৰ পৰা বৰডুমচা বজাৰৰ পৰা অসম-অৰুণাচলৰ সীমান্ত পথেৰে চোৰাং গৰুৰ সৰবৰাহ হোৱা বুলি দল-সংগঠনসমূহে অভিযোগ কৰিছিল যদিও আৰক্ষী আৰু বনবিভাগৰ সঠিক তদন্ততহে বিষয়তো স্পষ্ট হ'ব ।

লগতে পঢ়ক: বিজেপিৰে মিত্ৰতা সন্দৰ্ভত ইউপিপিএলৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.