ETV Bharat / state

ডিৰাক গেটত আৰম্ভ হৈছে ক’ভিড পৰীক্ষা - মহামাৰী

কাকপথাৰ ডিৰাক গেটত ক’ভিড পৰীক্ষা আৰম্ভ, এজন চিকিৎসা কৰ্মীয়ে দৈনিক কৰিবলগীয়া হৈছে শতাধিক ব্যক্তিৰ ক’ভিড পৰীক্ষা ৷ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱতী কাকপথাৰ ডিৰাক গেটত অসমত প্ৰৱেশ কৰা ব্যক্তিৰ কৰা হৈছে ক’ভিড পৰীক্ষা ৷

covid-test-at-dirak-gate
ডিৰাক গেটত আৰম্ভ হৈছে ক’ভিড পৰীক্ষা
author img

By

Published : Jun 18, 2021, 10:50 PM IST

শদিয়া,18 জুন : দেশত ক’ৰণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ দেশত কৰ’ণা ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ সময়তেই বিগত ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা পূৰ্বৰ তুলনাত আৰু হ্ৰাস পোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পোৱা দেখা গৈছে । সমগ্ৰ ৰাজ্যতে অব্যাহত আছে ক’ভিড পৰীক্ষা ৷ ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকক ক’ভিড পৰীক্ষা কৰা হৈছে লগতে প্ৰ’টক’ল অনুয়ায়ী হোম আইচোলেছনত ৰখা হৈছে ৷ বৃহস্পতিবাৰৰ পৰা কাকপথাৰ ডিৰাক গেটত আৰম্ভ হৈছে ক’ভিড পৰীক্ষা ৷

covid-test-at-dirak-gate
ডিৰাক গেটত আৰম্ভ হৈছে ক’ভিড পৰীক্ষা

অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী কাকপথাৰ ডিৰাক গেটত অসমত প্ৰৱেশ কৰা ব্যক্তিৰ ক’ভিড পৰীক্ষা আৰম্ভ হৈছে ৷ স্থানীয় বহু দল সংগঠনৰ দাবীৰ পৰিপেক্ষিতত আৰম্ভ হৈছে এই ক’ভিড পৰীক্ষাৰ ব্যৱস্থা ৷ অসমৰ পৰা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত প্ৰবেশ কৰা প্ৰতিজন ব্যক্তিক ক’ভিড পৰীক্ষা কৰিহে ৰাজ্যখনত প্ৰবেশ কৰিব দিয়ে যদিও সেই ব্যৱস্থা নাছিল অসমত প্ৰৱেশৰ সময়ত ৷

সেয়ে স্থানীয় বহুকেইটা দল সংগঠনৰ দাবীৰ পিছত বৃহস্পতিবাৰৰ পৰা কাকপথাৰ ডিৰাক গেটত অসমত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিক ক’ভিড পৰীক্ষা কৰা আৰম্ভ কৰিছে ৷ বৃহস্পতিবাৰৰ দিনটোত মুঠ 100 গৰাকী ব্যক্তিক ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে এজনৰ দেহত ধৰা পৰিছে ক’ভিড-19 পজিটিভ ৷

ডিৰাক গেটত আৰম্ভ হৈছে ক’ভিড পৰীক্ষা

সমান্তৰালভাৱে শুকুৰবাৰৰ দিনটোলৈ এজনৰ দেহটো পজিটিভ ধৰা পৰা নাই বুলি জানিবলৈ দিছে দায়িত্বত থকা স্বাস্থ্য কৰ্মীয়ে ৷ উল্লেখ্য যে দৈনিক শতাধিক ব্যক্তিক ক’ভিড পৰীক্ষা কৰাৰ ঠাইখনত বহুকেইজন স্বাস্থ্য বিভাগৰ লোক নিয়োগ কৰিব লাগে যদিও মাত্ৰ এজন স্বাস্থ্য বিভাগৰ লোকেই কৰিবলগীয়া হৈছে সকলো কাম ৷ ইয়াক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সীমান্তৰ অঞ্চলটোত ৷

উল্লেখয যে, শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 24 ঘণ্টাত দেশত মুঠ ক’ৰণাত আক্ৰান্ত হৈছে 62 হাজাৰ 480 গৰাকী লোক । বৃহস্পতিবাৰে দেশত মুঠ কৰ’ণাত আক্ৰান্ত হৈছিল 67 হাজাৰ 208 গৰাকীকৈ লোক । সেইদৰে, বৰ্তমান দেশত মুঠ ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে গৈ 2 কোটি 97 লাখ 62 হাজাৰ 793 গৰাকী । আনহাতে, যোৱা 24 ঘণ্টাত দেশত 1 হাজাৰ 587 গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে । বৃহস্পতিবাৰে দেশত 2 হাজাৰ 330 গৰাকী ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ ক’ৰণাত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা হৈছেগৈ 3 লাখ 83 হাজাৰ 490 গৰাকী ।

লগতে পঢ়ক:ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.