তিনিচুকীয়া, 7 মে': দেশৰ লগতে ৰাজ্যতো ক্ৰমাৎ অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ অস্বাভাৱিক হাৰত বৃদ্ধি হ’বলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ দেশত অপৰ্যাপ্ত হৈ পৰিছে অক্সিজেন অথবা অত্যাৱশ্যকীয় ক’ভিড চিকিৎসাৰ সা-সৰঞ্জাম ৷ ক'ভিড-১৯ৰ এনে ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে সাজু কৰি উলিওৱা হৈছে বিশেষ ৰে’ল সেৱা ৷
এই ৰে’ল সাধাৰণ ৰে’ল নহয় ৷ ৰে’লৰ ডবাসমূহ আইচ'লেশ্যন কোচযুক্ত আৰু ৩৫০ খন অক্সিজেনযুক্ত বিছনাৰে তৈয়াৰী ৷ কৰ’ণা আক্ৰান্ত ৰোগীৰ বাবে আছে বিশেষ সা-সুবিধা ৷ উল্লেখযোগ্য যে, এই ৰে’ল ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে তিনিচুকীয়া, বঙাইগাঁও, লামডিং আৰু গুৱাহাটীত উপলব্ধ হ'ব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : আহোমৰ দুই বিধায়কক কেবিনেট মন্ত্ৰী প্ৰদানৰ দাবী টাইপাৰ