ETV Bharat / state

নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈয়ে অন্তৰ্ধান ঠিকাদাৰ

author img

By

Published : Jul 23, 2020, 1:28 PM IST

কাকপথাৰত পথ আৰু দলং নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ গড়কাপ্তানি বিভাগ আৰু ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

corruption in road construction
পথ নিৰ্মাণৰ নামত হৈ থকা দুৰ্নীতি

শদিয়া,23 জুলাইঃ তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ অন্তৰ্গত ডিৰাক পাৱৈ আৰু 2নং ডিৰাক সংযোগী পথ আৰু দলং নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । গড়কাপ্তানি বিভাগ আৰু ঠিকাদাৰ বিনয় ভৰদ্বাজৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ 2018 চনতে আৰম্ভ কৰা কামৰ নিৰ্মাণ কাৰ্য এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই ৷ ইফালে নৱনিৰ্মিতি ৰাস্তাটোৰ কিছু অংশ নিৰ্মাণ কৰাৰ পিছতে পথটো ভাগি যোৱাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে দলং নিৰ্মাণৰ কামো আধৰুৱা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

পথ নিৰ্মাণৰ নামত দুৰ্নীতি

2019 চনৰ আগষ্ট মাহত কাম সমাপ্ত কৰাৰ কথা আছিল যদিও ঠিকাদাৰজনে এইক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ উল্লেখ্য যে, তিনিচুকীয়াৰ এম এছ বিনয় ভৰদ্বাজ নামৰ ঠিকাদাৰজনে 4.50 কিল'মিটাৰ দৈৰ্ঘ্যৰ পথটো আৰু দলংখন 3 কোটি, 28 লাখ টকাৰে নিৰ্মাণ কৰাৰ দায়িত্ব লৈছিল ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ যোগেদি নিৰ্মাণ কৰা হৈছিল উক্ত পথছোৱা ৷

লগতে পঢ়কঃঅসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ নিদিয়াৰ বাবেই খুড়ীয়েক দাৰে আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.