ETV Bharat / state

Corruption in Tinsukia municipality: উদ্বোধনৰ এমাহ পিচতেই খহিল কালভাৰ্ট, বাঁহৰ চাঙিৰে কালভাৰ্টত তাপলি

author img

By

Published : Mar 16, 2023, 10:20 PM IST

প্ৰথমতে কামত খেলিমেলি ৷ তাৰ পিচত কামৰ জোৰা তাপলি তিনিচুকীয়াৰ পৌৰসভাৰ ৷ এইবাৰ পুনৰ চনৰখনৰ মাজমিয়াত উদ্বোধনৰ প্ৰায় এমাহৰ পিচতেই ভাঙি পৰে নৱ নিৰ্মিত কালভাৰ্ট (Corruption in culvert construction ) ৷

Corruption in culvert construction
উদ্বোধনৰ এমাহ পিচতেই খহিল কালভাৰ্ট
উদ্বোধনৰ এমাহ পিচতেই খহিল কালভাৰ্ট

তিনিচুকীয়া, ১৬ মাৰ্চ: বাণিজ্যিক চহৰ তিনিচুকীয়াত যেন কোনোদিনেই সমস্যাৰ অন্ত নাই (Corruption in Tinsukia municipality) ৷ যানযঁটৰ সমস্যা, অবৈধ দখলৰ সমস্যাৰ লগতে এইবাৰ তিনিচুকীয়া পৌৰসভাত ব্যাপক দুৰ্নীতিৰ খবৰ পোহৰলৈ আহিছে ৷ উদ্বোধনৰ প্ৰায় এমাহৰ পিচতেই ভাঙি পৰে নৱ নিৰ্মিত কালভাৰ্ট (Corruption in culvert construction ) ৷

শেহতীয়াকৈ মেচাৰ্চ মেঘা এন্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানে ৪ লাখ ৩২ হাজাৰ ২৯২ টকা পুঁজিৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ চাইদিং বজাৰত এটা কালভাৰ্ট নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল (Corruption in culvert construction) ৷ তাৰ পিচতেই যোৱা 6 ফেব্ৰুৱাৰীত তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে (Minister Sanjay Kishan) তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া মঞ্জিত দলে আৰু ৱাৰ্ড সদস্য ধীৰাজ সিঙৰ উপস্থিতিত কালভাৰ্টটোৰ উদ্বোধন কৰা হৈছিল ৷ কিন্তু কালভাৰ্টটোৰ নিৰ্মাণৰ কাম একেবাৰে নিন্মমানৰ হোৱাৰ বাবে বুধবাৰে হঠাৎ কালভাৰ্টটো ভাঙি এখন ট্ৰাকৰ চকা কালভাৰ্টটোৰ ভিতৰত সোমাই পৰে ৷

এই ঘটনাৰ পিচতে স্থানীয় ৰাইজে কালভাৰ্টটো অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা বুলি অভিযোগ স্থাপন কৰিছে ৷ এই ঘটনাৰ পিচতেই বৃহস্পতিবাৰে উক্ত স্থানত তিনিচুকীয়া জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত চৰফৰাছ্‌ হক্‌, তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া মঞ্জিত দলে, পৌৰসভাৰ অভিযন্তা জ্যোতি প্ৰসাদ দাসৰ লগতে পৌৰসভাৰ বিষয়া কৰ্মচাৰীৰ এটা দল উপস্থিত হৈ কালভাৰ্টটো পৰ্যবেক্ষণ কৰে ৷ পৰ্যবেক্ষণৰ সময়ত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে এই ঘটনাৰ বাবে পৌৰসভাৰ অভিযন্তাগৰাকীক সকিয়নী প্ৰদান কৰে ৷ ইয়াৰোপৰি কি কাৰণে ইমান সোনকালে কালভাৰ্টটো ভাঙিলে তাৰ এক প্ৰতিবেদন প্ৰস্তুত কৰি জিলা উপায়ুক্তগৰাকীক প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

ইফালে পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে, যদি নিৰ্মাণত গাফিলতি আছে তেন্তে ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব ৷ উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও তিনিচুকীয়া পৌৰসভাৰ কাৰ্যালয়ৰ সমীপতে এটা নলা নিৰ্মাণৰ সময়ত বাঁহৰ চাঙিৰে তাপলি মৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পিচতে অতিৰিক্ত উপায়ুক্ত চৰফৰাছ্‌ হকে পৌৰসভাৰ অভিযন্তাৰ লগতে ঠিকাদাৰক সকিয়নী প্ৰদান কৰিছিল ৷

তাৰ পাচতো তিনিচুকীয়া পৌৰসভাত অভিযন্তাৰ অধীনত বাঁহৰ চাঙিৰে এতিয়াও তাপলি মাৰি আছে নলা, কালভাৰ্ট ৷ গতিকে পৰৱৰ্তী সময়ত তিনিচুকীয়া পৌৰসভা কিম্বা জিলা প্ৰশাসনে উক্ত ঠিকাদাৰ প্ৰতিষ্ঠান মেচাৰ্চ মেঘা এন্টাৰপ্ৰাইজৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: Assam Budget 2023 : লোক নিৰ্মাণ বিভাগৰ (পথ) বাবে বাজেটত প্ৰায় ১২ কোটি আবণ্টন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.