মাৰ্ঘেৰিটা, 18 আগষ্টঃ ছ’চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ’ল মাৰ্ঘেৰিটাৰ যুৱক চাদাম হুছেইন আনছাৰী ৷ দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় পতাকাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি ফেচবুক প'ষ্ট কৰিছিল যুৱকজনে ৷
উল্লেখ্য যে, মাৰ্ঘেৰিটাৰ চাদাম হুছেইন আনছাৰী নামৰ যুৱকজনে মাৰ্ঘেৰিটাৰে মেহতাব খান নামৰ যুৱকজনৰ ম’বাইল হেক কৰি আপত্তিজনক মন্তব্য কৰিছিল ফেচবুকত । পিচত এই ঘটনা সন্দৰ্ভত আমছু আৰু যুৱ মৰ্চাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাচতেই মাৰ্ঘেৰিটা আৰক্ষীয়ে আটক কৰে চাদামক ।