ETV Bharat / state

মৰাণ ছাত্ৰসন্থাৰ অধিৱেশনত জাতি-মাটি ৰক্ষাৰ কথা ক’লে মুখ্যমন্ত্ৰী সোণোৱালে

author img

By

Published : Oct 31, 2020, 10:16 PM IST

সদৌ মৰাণ ছাত্ৰসন্থাৰ কেন্দ্ৰীয় অধিৱেশন আজি তৃতীয় দিন । প্ৰথমখন মুকলি সভাৰ মুখ্য অতিথি অসমৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱাল । ডিগবৈৰ বদৌচা সমন্বয় ক্ষেত্ৰত যোৱা ২৯ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ একবিংশতিতম কেন্দ্ৰীয় অধিৱেশন ৷

CM Sarbanada Sonowal in Moran student Union Conference
মৰাণ ছাত্ৰসন্থাৰ অধিৱেশনত জাতি-মাটি ৰক্ষাৰ কথা ক’লে মুখ্যমন্ত্ৰী সোণোৱালে

তিনিচুকীয়া, 31 অক্টোবৰ : সদৌ মৰাণ ছাত্ৰসন্থাৰ কেন্দ্ৰীয় অধিবেশনত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ডিগবৈৰ বদৌচা সমন্বয় ক্ষেত্ৰত যোৱা ২৯ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ একবিংশতিতম কেন্দ্ৰীয় অধিৱেশন ৷ প্ৰথমখন মুকলি সভাৰ মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাৰণ জনগোষ্ঠীৰ পূৰ্বপুৰুষ সকলক শ্ৰদ্ধা জনায় মৰাণ জাতিটোৰ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অৱদানসমূহৰ কথা স্বীকাৰ কৰে।

ইয়াৰ লগতে জাতিটোৰ সৰ্বাংগীন উন্নতিৰ বাবে স্বায়ত্ব শাসিত পৰিষদৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰে । মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, ইতিমধ্যে ৰাজ্য চৰকাৰে ১ লাখ ভূমিপুত্ৰক যি মাটিৰ পট্টা প্ৰদান কৰিছে আৰু অতি শীঘ্ৰে পুনৰ ১ লাখ ভূমি পুত্ৰক মাটিৰ পট্টা প্ৰদান কৰিব । মৰাণ জনগোষ্ঠীৰ লগতে অসমত থকা অন্যান্য জনগোষ্ঠীসমূহৰো সম বিকাশৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

সভাখনিত তেখেতৰ লগতে উপস্থিত থাকে মৰাণ সাহিত্য সভাৰ সভাপতি তৰুণ বৰুৱা মৰাণ, আমন্ত্ৰিত অতিথি হিচাপে সাংসদ ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ শ্ৰম আৰু চাহজাতি কল্যাাণ মন্ত্ৰী সঞ্জয় কিষাণ, ৰাজ্যসভা সাংসদ বিশ্বজিৎ দৈমাৰী আৰু অসম মৰাণ সভাৰ প্ৰাক্তন সভাপতি দুলাল মৰাণ ৷ বিশিষ্ট অতিথি হিচাপে, অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ আৱাসিক মুখ্য কাৰ্যবাহী দিলীপ কুমাৰ শৰ্মা, গৱেষক, লেখক সঞ্জীৱ কুমাৰ শৰ্মা, অসম মৰাণ সভাৰ সভাপতি ধৰ্মেন্দ্ৰ নেওগ, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সভাপতি ইলেশ্বৰ চেতিয়া, মৰাণ জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী দীপা শইকীয়া বড়া, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চৰ সভাপতি সোমেশ্বৰ মৰাণ, অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা শদিয়াৰ বিধায়ক বলিন চেতিয়া, ডিগবৈৰ বিধায়ক সুৰেণ ফুকন, মাৰ্ঘেৰিটাৰ বিধায়ক
ভাস্কৰ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি তথা যুৱনেতা পুলক গোহাঁইৰ লগতে বিভিন্ন জন গণ্য মান্য লোক ।

আদৰণি ভাষণ প্ৰদান কৰে অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰৱীন বৰাই । সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে অংশগ্ৰহণ কৰি মৰাণ ছাত্ৰ সন্থাৰ মুখপত্ৰ "সৌমাৰ" উন্মোচন কৰে । সন্থাৰ সম্পাদক নৱ মৰাণে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সভাখনিৰ সভাপতিত্ব কৰে সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰুণজ্যোতি মৰাণে ।

লগতে পঢ়ক : কোকৰাঝাৰত পথৰ দুৰৱস্থাৰ বাবে প্ৰাণ গ’ল এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.