শদিয়া, 14 নৱেম্বৰ : ৰহস্যজনক পথ দু্ৰ্ঘটনাত মৃত্যু হোৱা সাংবাদিক পৰাগ ভূঞাৰ বাসগৃহত শনিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী ৷ সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জনায় উপদেষ্টা গৰাকীয়ে ৷

তেওঁ কয় যে,সমগ্ৰ ঘটনা সন্দৰ্ভত চিআইডিক তদন্তৰ দায়িত্ব দিয়া হৈছে ৷ গতিকে দোষীয়ে শাস্তি পাবই ৷ লগতে এক শোকাকুল পৰিৱেশৰ মাজত উপদেষ্টা গৰাকীয়ে প্ৰয়াত পৰাগ ভূঞা, জগদীশ ভূঞা ঘৰৰ সৈতে ব্যক্তিগতভাৱে মধুৰ সম্পৰ্ক থকা বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন কাৰ্বি আংলং জিলা উপায়ুক্তৰ