ETV Bharat / state

অসমত পুনৰ লক ডাউন নহয়: সৰ্বানন্দ সোণোৱাল

author img

By

Published : Apr 11, 2021, 9:01 PM IST

কাকপথাৰ বৰ ডিৰাকত সোণোৱাল কছাৰী জাতীয় পৰিষদৰ অধিৱেশনত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ অসমত পুনৰ লক ডাউনৰ কোনো সম্ভাৱনা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ৷

অসমত পুনৰ লকডাউন নহয় : সৰ্বানন্দ সোণোৱাল

শদিয়া,11 এপ্ৰিল: দেওবাৰে সোণোৱাল কছাৰী জাতীয় পৰিষদৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে ৷ বৰডিৰাক সত্ৰীয়া মঞ্চ প্ৰাংগণত অনুষ্ঠিত অধিৱেশনত সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সভাপতি শান্তনু বৰহাজোৱালে সভাপতিত্ব কৰে ৷ বৰডিৰা অঞ্চলত সাংস্কৃতিক সংগ্ৰহালয় বনোৱাৰ যি প্ৰচেষ্টা হাতত লৈছে, সেয়া অতি আদৰণীয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে অসমত পুনৰ লক ডাউন দিয়াৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

অসমত পুনৰ লক ডাউন নহয়

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অধিৱেশনৰ দেওবাৰে অন্তিম দিনাৰ মুকলি সভাত সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলীন চেতিয়া, ঋতুপন বৰুৱা, প্ৰশান্ত ফুকন, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী, বিজেপি নেতা সুভাষ দত্তকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ মুকলি সভাৰ আগমুহুৰ্তত বিভিন্ন জনগোষ্ঠীৰ শিল্পীয়ে সাংস্কৃতিক কলা-কৃষ্টি প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক : বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.