ETV Bharat / state

ডুমডুমাত চতুৰ্থ বাৰ্ষিক "শ্ৰমিক কল্যাণ দিৱস"ত মুখ্যমন্ত্ৰী - MPs Kamakhya Prasad Tasha, Pradan Baruah, Minister John Mohan, Sanjay Kisan

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাছা,প্ৰদান বৰুৱা,মন্ত্ৰী যোহেন মোহন,সঞ্জয় কিষাণ আৰু কেইবা গৰাকী বিধায়ক উপস্থিত থকা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাহ জনগোষ্ঠীয় নেতা সন্তুষ কুমাৰ তপ্নৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিচতে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

ডুমডুমাত চতুৰ্থ বাৰ্ষিক "শ্ৰমিক কল্যাণ দিৱস"ত মুখ্যমন্ত্ৰী

author img

By

Published : Nov 24, 2020, 11:51 AM IST

ডুমডুমা, 24 নৱেম্বৰঃ চাহ জনগোষ্ঠীয় নেতা সন্তুষ কুমাৰ তপ্নৰ জন্ম তিথি উপলক্ষে ৰাজ্য চৰকাৰে বিগত তিনি বছৰে অনুষ্ঠিত কৰি অহা "শ্ৰমিক কল্যাণ দিৱস" সোমবাৰে চতুৰ্থ বৰ্ষৰ বাবে চাহ নগৰী ডুমডুমাত আয়োজিত কৰা হ'য় । এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাছা,প্ৰদান বৰুৱা,মন্ত্ৰী যোহেন মোহন,সঞ্জয় কিষাণ আৰু কেইবা গৰাকী বিধায়ক উপস্থিত থকা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাহ জনগোষ্ঠীয় নেতা সন্তুষ কুমাৰ তপ্নৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিচতে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে । বিগত সময়চোৱাত ক্ৰীড়া,স্বাস্থ্য,সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা কেইবাগৰাকী চাহ জনগোষ্ঠীয় লোকক মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ।

ডুমডুমাত চতুৰ্থ বাৰ্ষিক "শ্ৰমিক কল্যাণ দিৱস"ত মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীয়ে ভাষণত পূৰ্বৰ চৰকাৰৰ ইচ্ছা শক্তিৰ অভাৱৰ বাবে চাহ জনগোষ্ঠীৰ উন্নয়ণ স্তবিৰ হৈ পৰিছিল কিন্তু বিজেপি চৰকাৰে জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়ণৰ সংকল্প লৈ চাহ বাগিচাত হাইস্কুল স্থাপনৰ লগতে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে । ইয়াৰপূৰ্বে মুখ্যমন্ত্ৰীয়ে "শ্ৰমিক কল্যাণ দিৱস"ৰ সৈতে সংহতি ৰাখি প্ৰকাশ কৰা "শ্ৰমিক" নামৰ স্মৰণিকা উন্মোচন কৰে । অন্যহাতে,প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক অসমৰ অভিভাৱক বুলি উল্লেখ কৰে ৷
ডুমডুমাত চতুৰ্থ বাৰ্ষিক

লগতে চাওকঃ ডিমা হাছাওত সন্ধানহীন দুই শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.