তিনিচুকীয়া,21 মাৰ্চ: 27 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া সকলো ৰাজনৈতিক দল-সংগঠনে ব্যাপক প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে । কিন্তু ইয়াৰ মাজতে চাবুৱা খাৰজান চাহ বাগিচাৰ কাজীখোৱা চাহ শ্ৰমিক সকলে দৈনিক মজুৰিক লৈ প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে ৷ চাহ জনজাতি ছাত্ৰ সন্থাৰ অভিযোগ কৰা মতে, বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱাই চাহ শ্ৰমিকৰ দৈনিক মজুৰিক লৈ মিছা প্ৰচাৰ চলাই ভোট বিচাৰিছে ৷
জানিব পৰা মতে, প্ৰকৃতাৰ্থত তৃণমূল পৰ্যায়ৰ চাহ শ্ৰমিকসকলে 167 টকাকৈ দৈনিক মজুৰি পাই যদিও বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱাই নিজৰ প্ৰচাৰ সভাত চৰকাৰে 5 বছৰত 80 টকা মজুৰি বৃদ্ধি কৰিছে বুলি প্ৰচাৰ চলাই আহিছে ৷ এই লৈ চাহ জনজাতি ছাত্ৰ সন্থা ক্ষুণ্ণ হৈ পৰাৰ লগতে পোনাকণ বৰুৱাক এইদৰে মিছা কথাৰে প্ৰচাৰ নচলাবলৈ আহ্বান জনাইছে ৷ চাহ বাগিচাৰ শ্ৰমিকসকলক ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ নকৰিবলৈ সকীয়াই দি ইয়াৰ অন্যথা চাহ জনজাতি ছাত্ৰ সন্থাই তেওঁক নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা পহুখেদা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে ৷
লগতে পঢ়ক: আটছাৰ প্ৰতিবাদৰ পাছতে চাহ বাগিচাত মন্ত্ৰী যোগেন মহনৰ প্ৰচাৰ