ETV Bharat / state

দৰ্জীজানত গৰাখহনীয়াৰ কালৰূপ; হাহাকাৰ নৈপৰীয়াৰ - অসম চাহ জনজাতি ছাত্ৰ সন্থা

ডুমডুমাৰ দৰ্জীজানত ব্যাপক গৰাখহনীয়া (Brahmaputra river erosion in Doom Dooma) ৷ লুইতৰ বুকুত জাহ গৈছে দৰ্জীজান এলেকাৰ ওৰাং গাঁৱৰ শ শ বিঘা কৃষিভূমি । গৰাখহনীয়া প্ৰতিৰোধৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষতিপূৰণৰ দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৷

brahmaputra-river-erosion-in-Doom Dooma
ডুমডুমাৰ দৰ্জীজানৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ
author img

By

Published : May 5, 2022, 5:15 PM IST

শদিয়া, 5 মে' : বাৰিষাৰ প্ৰাক্ ক্ষণত দৰ্জীজানত ব্যাপক গৰাখহনীয়া ৷ মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত হৈছে অৰ্ধ শতাধিক পৰিয়াল ৷ ডাঙৰী নৈৰ সৈতে সংযুক্ত হোৱা ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতে ডুমডুমাৰ দৰ্জীজানত সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া (Brahmaputra river erosion in Doom Dooma)৷ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত স্থানীয় প্ৰতিনিধি, জিলা প্ৰশাসন তথা চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া ৰাইজে ৷

ডুমডুমাৰ দৰ্জীজানৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ

বিধ্বংসী গৰাখহনীয়াৰ কবলত পৰি দৰ্জীজান এলেকাৰ ওৰাং গাঁও সম্পূৰ্ণৰূপে নৈৰ বুকুত বিলিন হৈ যোৱাত অৰ্ধ শতাধিক পৰিয়ালে ঘৰ-ভেটিৰ লগতে হেৰুৱাইছে শ শ বিঘা কৃষিভূমি । ইফালে গৰাখহনীয়াই দৰ্জীজান শিমলুগুৰি সত্ৰৰ সমীপত থকা প্ৰায় 10 টা পৰিয়ালৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷

উল্লেখযোগ্য যে, গৰাখহনীয়াত মাটি-ভেটি হেৰুওৱা অঞ্চলটোৰ অৰ্ধ শতাধিক পৰিয়ালে চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য নোপোৱাৰ অভিযোগ তুলি অসম চাহ জনজাতি ছাত্ৰ সন্থাই সকলো ক্ষতিগ্ৰস্ত পৰিয়াললৈ ক্ষতিপূৰণৰ লগতে অঞ্চলটোত অব্যাহত থকা গৰাখহনীয়া প্ৰতিৰোধৰ যাৱতীয় ব্যৱস্থা শীঘ্ৰেই গ্ৰহণ কৰিবলৈ চৰকাৰলৈ দাবী জনাইছে |

লগতে পঢ়ক : মাজুলীৰ মিচাৰমৰাত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.