ETV Bharat / state

৮০ বছৰ বয়সত ভূপেন গোহাঁইয়ে লেখি উলিয়ালে বনৰীয়া - Book released in Tinisukia

তিনিচুকীয়াৰ নতুন ৰঙাগড়াত গ্ৰন্থ উন্মোচন । উক্ত উন্মোচনী অনুষ্ঠানত স্থানীয় বিধায়ক পোনাকণ বৰুৱাই(MLA Ponakon Baruah)কয় যে পাঠক সমাজক আকৰ্ষিত কৰিব পৰাকৈ গ্ৰন্থখনৰ ভাষা সাৱলীল হৈছে ।

Book released in Tinisukia
তিনিচুকীয়াৰ নতুন ৰঙাগড়াত গ্ৰন্থ উন্মোচন
author img

By

Published : Aug 23, 2022, 7:14 AM IST

তিনিচুকীয়া, ২৩ আগষ্ট: তিনিচুকীয়া জিলাৰ নতুন ৰঙাগড়া গাঁৱৰ সমাজকৰ্মী ভূপেন গোহাঁইয়ে (Bhupen Gohain) ৮০ বছৰ বয়সত ৰচনা কৰি উলিয়াইছে 'বনৰীয়া' শীৰ্ষক এখন গ্ৰন্থ(Book released in Tinisukia)। সোমবাৰে নতুন ৰঙাগড়া গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এই গ্ৰন্থখনৰ উন্মোচন কৰে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে সমাজকৰ্মী জগন্নাথ চেতিয়া আৰু পৰিৱেশকৰ্মী মনোজ হাজৰিকা ।

তিনিচুকীয়াৰ নতুন ৰঙাগড়াত গ্ৰন্থ উন্মোচন

উন্মোচনী অনুষ্ঠানত স্থানীয় বিধায়ক পোনাকণ বৰুৱাই(MLA Ponakon Baruah)কয় যে এই গ্রন্থখন খুব সুন্দৰ হৈছে । পাঠক সমাজক আকৰ্ষিত কৰিব পৰাকৈ ভাষা তথা বাক্যৰ গাঁথনি সাৱলীল হৈছে বুলি তেওঁ উল্লেখ কৰে । আনহাতে,উক্ত উন্মোচনী অনুষ্ঠানৰ যোগেদি গ্ৰন্থকাৰ ভূপেন গোহাঁইৰ পুত্ৰ তথা পৰিৱেশকৰ্মী নিৰন্ত গোহাঁইয়ে থলুৱা পশু-পক্ষী, জীৱ-জন্তু, সভ্যতা-সংস্কৃতিৰ ওপৰত লিখা গ্ৰন্থখনে পঢ়ুৱৈ সমাজে অতি কম সময়ৰ ভিতৰত আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে(Discussion on Environment)। এই অনুষ্ঠানটোতেই পৰিৱেশকৰ্মী মনোজ হাজৰিকাই কয় যে গ্ৰন্থখনত বহু সমল আছে আৰু গ্ৰন্থখন পঢ়ুৱৈ সমাজে অধ্যয়ন কৰি যথেষ্ট উপকৃত হ'ব ।

উল্লেখযোগ্য যে ভূপেন গোহাঁইয়ে ২০১৬ চনৰ পৰা দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে । ইয়াৰ মাজতে তেওঁ অধিক উদ্যমেৰে সৃষ্টিশীল কামত ব্ৰতী হৈ আছে । পিতৃৰ বিয়োগৰ পাছত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰিবলৈ ব্যৰ্থ হোৱা ভূপেন গোহাঁইয়ে পৰৱৰ্তী সময়ত বিভিন্ন সামাজিক কার্যত জড়িত হৈ পৰে ।বিদ্যালয় স্থাপনৰ বাবে ভূমি দান কৰিছে গোহাঁইয়ে । এইগৰাকী লেখকৰ আশু আৰোগ্য কামনা কৰিছে তিনিচুকীয়াবাসী ৰাইজে । এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে ৱেভ ইক'টুৰিজ্যম নামৰ এটা পৰ্যটন উন্নয়ন সংস্থাই ।

লগতে পঢ়ক:অসম চৰকাৰক দিল্লীৰ শিক্ষা ব্যৱস্থাক অনুসৰণ কৰিবলৈ আহ্বান ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.