তিনিচুকীয়া, 21 আগষ্টঃ মাৰ্ঘেৰিটাত বিজেপি যুৱ মৰ্চাৰ নেতাৰ তাণ্ডৱ ৷ অবৈধ ব্যৱসায়ীৰ পৰা ৫০ হেজাৰ টকা লুট কৰি নিলম্বিত বিধায়কৰ দেহৰক্ষী ৷ বহিস্কৃত হ'ল বিজেপি যুৱ মৰ্চাৰ তিনি বিষয়ববীয়া ৷ কঠোৰ স্থিতিত বিধায়ক ভাস্কৰ শৰ্মা ৷ অবৈধ ব্যৱসায়ীৰ পৰা ধন দাবী কৰি লুট কৰাৰ অভিযোগত দলীয় বিষয়বাবৰ পৰা বহিস্কৃত হৈছে বিজেপি যুৱ মৰ্চাৰ মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ সভাপতি বিতুপন শৰ্মা বৰুৱা, সঞ্জিত গগৈ ওৰফে চুনু আৰু মিণ্টু কোঁচ । বুধবাৰে বিজেপিৰ সদৰ মণ্ডলে দলীয় কাৰ্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদমেলত এই তথ্য সদৰী কৰে বিজেপি যুৱ মৰ্চাৰ সভাপতি ভাদেশ্বৰ মৰাণে ।
উল্লেখ্য যে, বিগত 17 আগষ্ট শনিবাৰে বিজেপি যুৱ মৰ্চাৰ তিনি গৰাকী নেতাৰ সৈতে বিধায়ক ভাস্কৰ শৰ্মাৰ দুজন দেহৰক্ষী লৈ বিধায়কৰ গাড়ীৰে মাৰ্ঘেৰিটালৈ আহি থকা সময়ত সন্ধিয়া ডিগবৈৰ পাৱৈস্থিত এখন ধাবাত প্ৰবেশ কৰে ৷ ধাবাৰ পাছফালে পে'ট্ৰল ডিজেলৰ চোৰাং ব্যৱসায় প্ৰত্যক্ষ কৰি তিনি বিজেপি নেতাই নিজকে বিধায়ক ভাস্কৰ শৰ্মাৰ অতি ঘনিষ্ট বুলি জাহিৰ কৰি 1 লাখ টকা দাবী কৰাতে ক্ষান্ত নাথাকি একপ্ৰকাৰে গুণ্ডাগিৰি কৰি ধাবাৰ কৰ্মচাৰী এজনক মাৰ-ধৰো কৰে ৷ দাবী ধমকিৰে তিনি বিজেপি নেতাই ধাবাখনৰ পৰা নগদ 50 হেজাৰ টকা কাঢ়ি লৈ যায়৷ ইয়াৰ পাচতে ঘটনা সন্দৰ্ভত জানিব পাৰি খঙত অগ্নিশৰ্মা হৈ পৰে বিধায়ক ভাস্কৰ শৰ্মা ৷ লগে লগেই ঘটনা সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰি বিধায়কৰ কাম কাজৰ দায়িত্বত থকা এই তিনি বিজেপি নেতাক সকলো কাম কাজৰ পৰা নিলম্বিত কৰে৷ বিধায়ক গৰাকীৰ নিদেৰ্শত নিশাই উক্ত ধন অভিযুক্তৰ ঘনিষ্ঠই ঘূৰাই দিয়ে টকাখিনি ৷ আনফালে উক্ত ঘটনাত জড়িত বিধায়ক ভাস্কৰ শৰ্মাৰ দেহৰক্ষী প্ৰদীপ বৰদলৈকো নিলম্বিত কৰাৰ লগতে ঘটনাত জড়িত আন এজন অসম আৰক্ষীৰ বেটেলিয়ান জোৱানৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
বিধায়ক ভাস্কৰ শৰ্মাই কোনোপধ্যে এনে কাৰ্যৰ প্ৰশ্ৰয় নিদিয়ে বুলি মন্তব্য প্ৰকাশ কৰি ঘটনাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা বুলি কয় । লগতে সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভাদ্ৰেশ্বৰ মৰাণে পাৱৈত থকা ধাবা সমৃহত চলি থকা পে'ট্ৰল ডিজেলৰ চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনায় ।