ETV Bharat / state

কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত সমদল কাকপথাৰত

author img

By

Published : Oct 6, 2020, 8:30 AM IST

কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ লগতে প্ৰতিখন জিলাত ভগদত্ত ভৱন নিৰ্মাণৰ দাবীৰে তিনিচুকীয়াৰ কাকপথাৰত মটৰ চাইকেল ৰেলী ৷ কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদে বাহিৰ কৰে এই ৰেলী ৷

Bike relly at kakopather
কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত সমদল কাকপথাৰত

শদিয়া,6অক্টোবৰ: কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগতে জনগোষ্ঠীটোৰ বহু কেইটা সমস্যাৰ দাবীৰে সোমবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰত এক বিশাল মটৰ চাইকেল সমদল বাহিৰ কৰা হয় ৷ কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদে বাহিৰ কৰে এই সমদল ৷ পৰিষদৰ সদস্য সকলে কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰা,বিজেপি চৰকাৰ হুচিয়াৰ,কলিতা জনগোষ্ঠী জিন্দাবাদ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে তিনিচুকীয়া জিলা ৷

কাকপথাৰৰ ডিৰাক গেটৰ পৰা তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ এই মটৰ চাইকেল সমদল বাহিৰ কৰা হয় ৷ জনজাতিকৰণৰ লগতে কলিতা জনগোষ্ঠীক স্বায়ত্ত শাসিত পৰিষদ প্ৰদান, প্ৰতিখন জিলাতে ভগদত্ত ভৱন নিৰ্মাণৰো দাবী জনাই কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদে ৷ সংগঠনটোৰ এই দাবীসমূহ চৰকাৰে নামানিলে অতি শীঘ্ৰে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হূংকাৰ দিয়ে কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদৰ সদস্য সকলে ৷

অন্য এক খবৰৰ বাবে: মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে মৰিগাঁৱত সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.