ETV Bharat / state

ডিগবৈৰ বালিজানত "বিহু নাচ আৰু ঢোল বাদন" কৰ্মশালা - মানপত্ৰ

ৰঙালী বিহুক আদৰিবলৈ এতিয়া ব্যস্ত অসমবাসী ৷ ডিগবৈৰ বালিজানত "বিহু নাচ আৰু ঢোল বাদন "কৰ্মশালা পৰিচালনা সমিতি-২০২১ ৰ উদ্যোগত ১ এপ্ৰিল পৰা ১০ এপ্ৰিললৈ দহ দিনীয়াকৈ কৰ্মশালা কাৰ্যসূচী ৷

ডিগবৈৰ বালিজানত "বিহু নাচ
ডিগবৈৰ বালিজানত "বিহু নাচ আৰু ঢোল বাদন" কৰ্মশালা
author img

By

Published : Apr 4, 2021, 10:59 PM IST

তিনিচুকীয়া, 4 এপ্ৰিল : হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ এতিয়া সকলো অসমবাসী ব্যস্ত হৈ পৰিছে ৷ বিগত বৰ্ষত ক'ৰণা মহামাৰীৰ বাবে অসমবাসী ৰাইজে ৰঙালী বিহু উদযাপন কৰাৰ পৰা বিৰত থাকিব লগা হৈছিল ৷ কিন্তু এইবাৰ গাঁৱৰ ডেকা-জীয়ৰী, কণমানি ল’ৰা-ছোৱালী সকলো বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে ৷ ডিগবৈৰ বালিজান "বিহু নাচ আৰু ঢোল বাদন "কৰ্মশালা পৰিচালনা সমিতি-২০২১ৰ উদ্যোগত ১ এপ্ৰিল পৰা ১০ এপ্ৰিল লৈ দহ দিনীয়াকৈ বিহু কৰ্মশালা কাৰ্যসূচী হাতত লোৱা হৈছে ৷

কৰ্মশালাৰ প্ৰথম দিনটোত এখন সভা আয়োজন কৰে উদ্যোক্তাসকলে । সভাত উপস্থিত আছিল পৰিচালনা সমিতিৰ সভাপতি নৱজানী বৰুৱা শইকীয়া, ডিগবৈ মহাবিদ্যালয় প্ৰাক্তন অধ্যাপক ড৹ বিকাশ কুমাৰ বৰুৱা, বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত ভূঞা ৷ বক্ততাৰ লগতে বিহু নামেৰে কৰ্মশালা খনি উদ্বোধন কৰে কেন্দ্ৰীয় বৰ বিহুৱতি (বিহু সুৰক্ষা সমিতিৰ স্বীকৃতিপ্ৰাপ্ত ) স্বপ্নালী গগৈ বড়োয়ে ৷

ডিগবৈৰ বালিজানত "বিহু নাচ আৰু ঢোল বাদন" কৰ্মশালা

প্ৰশিক্ষক হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটাৰ বিহু সুৰক্ষা সমিতিৰ স্বীকৃতিপ্ৰাপ্ত বিহুৱতি ৰূপা বৰবৰা, দুলীয়াজানৰ শ্ৰেষ্ঠ ঢুলীয়া গোলোক, দুলীয়াজানৰ শ্ৰেষ্ঠ পেপুৱা ৰূপম দাস ৷ দাঁতি-কাষৰীয়া অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰায় শতাধিক প্ৰশিক্ষাথীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, ৫ এপ্ৰিল তাৰিখৰ পৰা প্ৰশিক্ষক হিচাপে থাকিব DY বিহুৰাণী ২০১১ চনৰ শীৰ্ষ পঞ্চম বিহু সম্ৰাজ্ঞী শ্ৰীমতী বন্তি হাজৰিকা বৰুৱা । লগতে সামৰণি অনুষ্ঠানত সকলো প্ৰশিক্ষাথীকে এখনকৈ মানপত্ৰ প্ৰদান কৰাৰ উপৰিও দহ গৰাকী প্ৰশিক্ষাথীক বিশেষ পুৰস্কাৰেৰে পুৰস্কিত কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে ৷

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত বাহনৰ পৰা উদ্ধাৰ নগধ ধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.