ETV Bharat / state

পৰেশ বৰুৱাক শান্তি আলোচনাৰে সমস্যা সমাধানৰ আহ্বান ৰামেশ্বৰ তেলীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 7:46 PM IST

Vikashit Bharat Sankalpa Satra: তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰত বিকশিত ভাৰত সংকল্প যাত্ৰা সম্পন্ন । ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ক'লে আগন্তুক লোকসভাৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি আৰু অধিক আসনেৰে জয়যুক্ত হ'ব ।

Vikashit Bharat Sankalpa Satra
বিকশিত ভাৰত সংকল্প যাত্ৰা
বিকশিত ভাৰত সংকল্প যাত্ৰা

তিনিচুকীয়া, ২ জানুৱাৰী: আজি তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া পৌৰসভাৰ ৭,৮, ৯ নং বাৰ্ডৰ ৰাইজৰ সহযোগত চলিহা নগৰ খেলপথাৰত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে । বিকশিত ভাৰত সংকল্প যাত্ৰাৰ এই অনুষ্ঠানটোত তিনিচুকীয়া পৌৰ এলেকাৰ ৪ শতাধিক ৰাইজৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে শাসকীয় চৰকাৰখনৰ উন্নয়নৰ আঁচনি তথা বিভিন্ন দিশৰ উন্নয়ন সম্পৰ্কে বিস্তৃত ভাবে ‌ব্যাখ্যা কৰে ।

ইপিনে, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক শান্তি আন্দোলনৰ মাজেৰে সমস্যা সমাধান কৰিবলৈ আহ্বান জনায় । তেওঁ আলফা আলোচনাপন্থীৰ সৈতে হোৱা শান্তি চুক্তিয়ে অসমক উপকৃত কৰিব বুলি মত পোষণ কৰে । লগতে আগন্তুক লোকসভাৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি আৰু অধিক আসনেৰে জয়যুক্ত হোৱাৰ আশা ব্যক্ত কৰে ।

এই কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈকে ধৰি পৌৰসভাৰ আন আন সদস্য-সদস্যাসকলৰ লগতে শাসকীয় দলৰ বহু কেইজন সদস্য উপস্থিত থাকে ।

উল্লেখ্য় যে ভাৰত চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ বাবে গ্ৰহণ কৰা বিভিন্ন আচঁনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰোৱাৰ লগতে এই আচঁনিসমূহ কেনেদৰে লাভ কৰিব পাৰি সেইবোৰৰ বিষয়ে ৰাইজক জনোৱাৰ উদ্দেশ্যে চৰকাৰে সকলো পঞ্চায়তে পঞ্চায়তে অনুষ্ঠিত কৰা হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী ৷ আজি ইয়াৰেই অংশ হিচাপে তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া পৌৰসভাৰ ৭,৮, ৯ নং বাৰ্ডৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰে বিকশিত ভাৰত সংকল্প যাত্ৰা ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ সমষ্টিত জাইকাৰ ফুটা পানীৰ‌‌ পাইপে কঢ়িয়াইছে শংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.