ডুমডুমা,25জুনঃ বাঘজানৰ জুই নিৰ্বাপনৰ সকলো প্রস্তুতিৰ মাজতে পুনৰ অনিশ্চয়তাত বাঘজান ৷ বিপদে লগ এৰা নাই অইল ইণ্ডিয়াক জুই নিৰ্বাপনত এইবাৰ বাধাৰ প্রাচীৰ হৈ থিয় দিছে প্রতিকূল বতৰে। বুধবাৰে বিয়লি ভাগি পৰিল ডুমডুমা-বাঘজান সংযোগী দলং খন ফলত যাৱতীয় সামগ্ৰী তৈলখাদলৈ নিব পৰা নাই অইল ইণ্ডিয়া কৰ্তৃপক্ষই ।
আনহাতে পানীত বুৰ যোৱাৰ উপক্ৰম হৈছে সেনাই নিৰ্মাণ কৰা "বেইলী ব্ৰিজ"। যাৰ বাবে বিপদৰ সন্মূখীন হৈছে অইল ইণ্ডিয়া ডুমডুমা-বাঘজানৰ বিকল্প পথ হিচাপে ব্যৱহৃত টিপুক-বাঘজান সংযোগী দলংখনো ভাঙি পৰাৰ উপক্ৰম হৈছে যাক লৈ সৃষ্টি হৈছে আন এক অনিশ্চয়তাৰ । ইফালে, ধাৰাষাৰ বৰষুণৰ ফলত এনেদৰেই ডাঙৰী নদীৰ পানীত ডুব গৈছে অইলে স্থাপন কৰা অইল পাম্প । এনে পৰিস্থিতিৰ বাবে অইল ইণ্ডিয়াই জুই নিৰ্বাপন কাম দুদিনৰ বাবে স্থগিত ৰখা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ অনলাইন শিক্ষাৰ বাবে আৰু কোনেও আত্মহত্যা কৰিব নালাগে : প্ৰমিলাৰাণী ব্ৰহ্ম