বাঘজান, ১২ জুন: চতুৰ্থ দিনাও অপৰিৱৰ্তিত বাঘজান BGR-5 তৈলখাদত সংঘটিত অগ্নিকাণ্ডৰ ধ্বংশলীলা । সমান্তৰালকৈ দুৰ্ভগীয়া বাঘজানবাসীৰ বুকুতো অগ্নিকাণ্ডৰ জুইৰ উত্তাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । বিগত ২৭ মেত বাঘজানৰ তৈলখাদত গেছ বিস্ফোৰিত হোৱাত পাছতেই গাঁওবাসী আতংকিত হৈ আপোন ঘৰ-বাৰী এৰি পলায়ন কৰি খাদৰ পৰা প্ৰায় ৪ কিলোমিটাৰ নিলগত থকা বাঘজান মধ্য ইংৰাজী বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰিছিল। আশ্ৰয় শিবিৰত থাকি গেছ নিৰ্গত বন্ধ হোৱালৈ আপেক্ষা কৰিছিল এই লোকসকলে। কিন্তু অইল ইণ্ডিয়া কতৃপক্ষই গেছ নিৰ্গমণ বন্ধ কৰিবলৈ সক্ষম হোৱাৰ পূৰ্বেই ৯ জুন তাৰিখে তৈলখাদটোত ভয়ংকৰ বিস্ফোৰণেৰে ভয়াৱহ ৰূপত অগ্নিকাণ্ড বহু দূৰলৈ বিস্তাৰিত হ'য় । যাৰ ফলত আতংকিত জনতা প্ৰাণৰ মমতাত আশ্ৰয় শিবিৰ পৰিত্যাগ কৰি প্ৰায় ১০ কিলোমিটাৰ দুৰত্বত অৱস্থিত কৰ্দৈগুৰি মধ্য ইংৰাজী বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰেগৈ । এই লোকসকল শুকুৰবাৰে পুনৰ পূৰ্বৰ আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত হয় । পূৰ্বৰ আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত হৈয়েই এই লোকসকলে পুনৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট আৰম্ভ কৰে ।
বাঘজানৰ অগ্নিকুণ্ডৰ জুই নিৰ্বাপিত নোহোৱা পৰ্য্যন্ত ধৰ্মঘট অব্যাহত ৰখাৰ কথা প্ৰকাশ কৰিছে আশ্ৰয় শিবিৰটোত থকা ক্ষোভিত লোকসকলে ।