ETV Bharat / state

উত্তপ্ত বাঘজানঃ শুক্লেশ্বৰ নেওঁগৰ মৃতদেহ চমজি নলয় ৰাইজে

author img

By

Published : Jul 19, 2020, 7:27 PM IST

Updated : Jul 20, 2020, 9:06 AM IST

উল্লেখযোগ্য যে, শুক্লেশ্বৰ নেওঁগৰ মৃত্যুৰ বাবে প্ৰশাসন আৰু অইল ইণ্ডিয়াক জগৰীয়া কৰি বাঘজান গাওঁ মিলনজ্যোতি সংঘই অইল ইণ্ডিয়া আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে বাঘজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল । কিন্তু এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

Baghjan
শুক্লেশ্বৰ নেওঁগ

ডুমডুমা, 19 জুলাইঃ ক্ষোভৰ জুই ক্লান্ত হোৱা নাই বাঘজানবাসীৰ ৷ শুক্লেশ্বৰ নেওঁগৰ মৃতদেহ চমজি নলয় পৰিয়াল তথা স্থানীয় ৰাইজে ৷ দেওবাৰে অইল ইণ্ডিয়াৰ বাঘজান তৈলখাদ অগ্নিকাণ্ডত সৰ্বস্ব হেৰুৱাই বিষ পান কৰি আত্মহত্যা কৰা শুক্লেশ্বৰ নেওঁগৰ মৃতদেহ বাঘজানত আহি পোৱাৰ লগে-লগে উত্তপ্ত হৈ পৰে বাঘজানৰ পৰিস্থিতি । অইল ইণ্ডিয়া আৰু প্ৰসাশনৰ ভূলৰ বাবেই শুক্লেশ্বৰ নেওঁগে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হোৱা বুলি উল্লেখ কৰি মৃত শুক্লেশ্বৰ নেওঁগৰ পৰিয়ালবৰ্গক দুই কোটি টকা ক্ষতিপুৰণৰ দিয়াৰ দাবী কৰে লোকসকলে । অন্যথা,বাঘজানবাসীৰ লগতে পৰিয়ালৰ লোকে শুক্লেশ্বৰ নেওঁগৰ মৃতদেহ চমজি লোৱাৰ পৰা বিৰত থাকিব বুলি মন্তব্য কৰে ।

Baghjan
শুক্লেশ্বৰ নেওঁগ

লগতে পঢ়কঃ বিপিএফৰ প্ৰথমগৰাকী প্ৰতিনিধি কৰ’ণা ভাইৰাছত আক্ৰান্ত

উল্লেখ্য যে, শনিবাৰে পুৱাই বাঘজান গাঁৱৰ শুক্লেশ্বৰ নেওঁগ নামৰ লোকজনে বিষপান কৰি আত্মহনন কৰিছিল । পৰৱৰ্তী সময়ত বিষ পান কৰা শুক্লেশ্বৰ নেওঁগে চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক আঁকোৱালি লয় ।

শুক্লেশ্বৰ নেওঁগৰ মৃতদেহ চমজি নলয় ৰাইজে

আনহাতে, বাঘজানবাসীৰ প্ৰতিবাদস্থলীত এগৰাকী আৰক্ষী হঠাতে অসুস্থ হৈ পৰাত আৰক্ষী জোৱানজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

Last Updated : Jul 20, 2020, 9:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.