ETV Bharat / state

মতানৈক্যৰ বাবেই দাৰে ঘপিয়ালে মাতৃ-ভগ্নীক

ডিগবৈত পাৰিবাৰিক কন্দলৰ পৰিণতিত মাতৃ-ভগ্নীক হত্যাৰ (Attempt To murder in Digboi) চেষ্টা ৷ মাতৃ-ভগ্নীৰ সৈতে কোনো কথাত মতানৈক্য চলাৰ বাবেই হত্যাৰ চেষ্টা চলাই সুৰুজ দেৱ নামৰ ব্যক্তিজনে ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত সুৰজ দেৱ ৷

attempts-to-murder-mother-and-sister-for-family-issue-in-digboi
ডিগবৈত মাতৃ-ভগ্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা
author img

By

Published : Mar 20, 2022, 10:26 AM IST

ডিগবৈ, 20 মাৰ্চ: সৰু সৰু কথাত হোৱা সংঘাতে চৰম পৰ্যায় লাভ কৰাতো আজিৰ যুগৰ বাবে যেন তেনেই সাধাৰণ কথা ৷ অতি সাধাৰণ কিছুমান কথাতে মাৰ-পিট, হত্যা আদি ঘটনাবোৰ যেন নিয়মীয়া হৈ পৰিছে সমাজত ৷ প্ৰায় প্ৰতিদিনেই এনে ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰে ৷ তেনে এক ঘটনা সংঘটিত হৈছে তিনিচুকীয়াৰ ডিগবৈত ৷

ডিগবৈ থানাৰ অন্তৰ্গত এক নং গোলাইত সংঘটিত হৈছে এনে এক ঘটনা ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিত মাতৃ-ভগ্নীক দাৰে ঘপিয়াই আহত কৰে সুৰুজ দেৱ নামৰ এজন ব্যক্তিয়ে ৷ প্ৰায় 44 বছৰীয়া ব্যক্তিজনে কৰা আক্ৰমণত মূৰত আঘাতপ্ৰাপ্ত হয় মাতৃ-ভগ্নী ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিগত কিছুদিনৰে পৰা ব্যক্তিজনৰ মাতৃ-ভগ্নীৰ সৈতে কোনো কথাত মতানৈক্য চলি আহিছিল ৷ এই মতানৈক্য শনিবাৰে চূড়ান্ত পৰ্যায়ত উপনীত হয় ৷ ব্যক্তিজনৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দুয়োগৰাকী মহিলাকে স্থানীয় লোকে ডিগবৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷

পেছাত এগৰাকী কাঠমিস্ত্ৰী সুৰুজে অৰুণাচলৰ খাৰছাঙত দীৰ্ঘদিনে কাম কৰি আহিছিল ৷ আনহাতে. স্থানীয় লোকে ঘটনা সন্দৰ্ভত অৱগত কৰে আৰক্ষীক ৷ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ব্যক্তিজনক কৰায়ত্ত কৰি প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ৷

লগতে চাওক: তেল চুৰ কৰি ৰঙা ঘৰত সোমাল ৰাম বাবু শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.