ETV Bharat / state

Conference at DC office in Tinsukia: তিনিচুকীয়াত জল-জীৱন মিছনৰ সফল ৰূপায়ণৰ বাবে বিশেষ বৈঠক - Meeting at DC office in Tinsukia

জল-জীৱন মিছনৰ ৰূপায়ণৰ বাবে বিভিন্ন পদক্ষেপ লোৱাৰ উদ্দেশ্যৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এখনি বিশেষ বৈঠক(Jal Jeevan Mission) । আঁচনি জল-জীৱন মিছনৰ সফল ৰূপায়নৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সকলো সমস্যাৰ সমাধানৰ ক্ষেত্রত গুৰুত্ব প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে ।

Meeting on Jal Jeevan Mission
তিনিচুকীয়াত জল জীৱন মিছনৰ সফল ৰূপায়ণৰ বাবে বিশেষ বৈঠক
author img

By

Published : Mar 5, 2023, 10:22 PM IST

তিনিচুকীয়া,৫ মাৰ্চ: তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত স্বপ্নীল পালৰ উপস্থিতিত দেওবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল-জীৱন মিছনৰ অধীনত তিনিচুকীয়া জিলাৰ উন্নয়ন খণ্ডত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা ৫১ টা নলী পানী যোগান আঁচনি গাঁও পঞ্চায়ত তথা পানী যোগান উপভোক্তা সমিতিৰ হাতত আনুষ্ঠানিকভাবে হস্তান্তৰ কৰা হয় । এই উপলক্ষে আয়োজিত সভাত জিলা উপায়ুক্ত স্বপ্নীল পালে ভাৰত চৰকাৰৰ ধ্বজাবাহী আঁচনি জল-জীৱন মিছনৰ সফল ৰূপায়নৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সকলো সমস্যাৰ সমাধানৰ ক্ষেত্রত গুৰুত্ব প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে (Conference at DC office in Tinsukia) ।

প্ৰতি মাহৰ ৫ আৰু ২০ তাৰিখে অনুৰূপ কাৰ্যসূচীৰে জল জীৱন মিছনৰ অধীনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা পানী যোগান আঁচনিসমূহ গাঁও পঞ্চায়ত আৰু পানী যোগান উপভোক্তা সমিতিৰ হাতত হস্তান্তৰ কৰা হ'ব বুলিও উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে । আনহাতে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা জল জীৱন মিছনৰ অধীনত নিৰ্মাণ হৈ থকা নলী পানী যোগান আঁচনিৰ সফল ৰূপায়ণত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ সম্পূর্ণৰূপে দায়বদ্ধ বুলিও জিলা উপায়ুক্তই মন্তব্য আগবঢ়ায়(Jal Jeevan Mission) । জিলাখনত জল জীৱন মিছনৰ লগতে স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ সফল ৰূপায়ণৰ ক্ষেত্ৰতো জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগক সন্মিলিত ভাবে প্ৰচেষ্টা আগবঢ়াবলৈও আহ্বান জনায় উপায়ুক্তগৰাকীয়ে(Meeting at DC office in Tinsukia) ।

ইয়াৰ লগতে নলী পানী যোগান আঁচনিৰ চোৱাচিতাৰ বাবে নিয়োজিত জলমিত্ৰসকলে যাতে নিয়মিতৰূপে মাহিলি মাননী লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে(Meeting on Jal Jeevan Mission) । জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈয়ে চৰকাৰৰ এই জনকল্যাণকামী আচঁনিৰ কাম যাতে নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ হয় তাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাটো খুবেই জৰুৰী বুলি উল্লেখ কৰে । এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতাও অতিকে জৰুৰী বুলি মুখ্য কাৰ্য্যবাহী বিষয়াগৰাকীয়ে মন্তব্য আগবঢ়ায় ।

অতিৰিক্ত উপায়ুক্ত (জনস্বাস্থ্য-কাৰিকৰী) চৰফ্ৰাজ হকে জল জীৱন মিছনৰ কামকাজৰ সফল ৰূপায়ণৰ বাবে জনসাধাৰণৰ সহযোগিতা তথা নিৰীক্ষণ অতিকৈ জৰুৰী বুলি উল্লেখ কৰে । কোনো দুষ্কৃতিকাৰীয়ে যাতে পানী যোগান আঁচনিৰ ক্ষতিসাধন কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে স্থানীয় ৰাইজলৈ আহ্বান জনায় । উল্লেখযোগ্য যে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা জল জীৱন মিছনৰ অধীনত নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱা এই নলী পানী যোগান আঁচনিৰ চোৱাচিতা কৰিবৰ বাবে একোজনকৈ জলমিত্ৰ নিয়োগ কৰা হ'ব ।

এই জলমিত্ৰসকলৰ মাহিলি মাননী তথা পানী যোগান আঁচনিৰ মাহেকীয়া বিজুলী বিল পঞ্চদশ বিত্তীয় আয়োগৰ পৰা পৰিশোধ কৰা হ'ব । আনহাতে, জল জীৱন মিছনৰ অধীনত জিলাখনত এতিয়ালৈকে মুঠ ১৬২ টা পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ কৰা হৈছে । এই সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যৱাহী অভিযন্তা জ্যোতিকৃষ্ণ মহন্ত প্ৰমুখ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰী, জিলাখনৰ কেউটা উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল, গাওঁ পঞ্চায়তৰ সভাপতি তথা সচিবসকল আৰু পানী যোগান উপভূক্তা সমিতিৰ সভাপতি তথা সচিবসকল উপস্থিত থাকে ।

এই সভাতে জলজীৱন মিছনৰ অধীনত ইটাখুলি উন্নয়নখণ্ডত ১৫ টা, শদিয়া উন্নয়নখণ্ডত ২ টা, চৈখোৱা উন্নয়নখণ্ডত ৩ টা, গুইজান উন্নয়নখণ্ডত ৬ টা, হাপজান উন্নয়নখণ্ডত ১০ টা, মাৰ্ঘেৰিটা উন্নয়নখণ্ডত ১২ টা আৰু কাকপথাৰ উন্নয়নখণ্ডত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা ৩ টা নলী পানী যোগান আঁচনি আজি গাঁও পঞ্চায়ত আৰু পানী উপভোক্তা সমিতিৰ হাতত হস্তান্তৰ কৰা হয় ।

লগতে পঢ়ক: UNESCO World Heritage Site: বিশ্ব মানচিত্ৰত জিলিকিব চৰাইদেউ মৈদাম, চৰাইদেউবাসীৰ মনত উলাহৰ ধল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.