ETV Bharat / state

অৰুণাচলত আৱদ্ধ অসমৰ ১৭ গৰাকী শ্ৰমিক

author img

By

Published : Apr 10, 2021, 12:11 PM IST

Updated : Apr 10, 2021, 12:35 PM IST

অৰুণাচল প্ৰদেশত আৱদ্ধ হৈ আছে অসমৰ ১৭ গৰাকীকৈ কিশোৰ আৰু যুৱক ৷ প্ৰদেশখনৰ আপাৰ চিয়াং জিলাৰ পাছিঘাটত আৱদ্ধ হৈ আছে লোককেইজন ৷ কামৰ তাগিদাত অৰুণাচললৈ গৈছিল লোককেইজনে ৷

assamese-people-stuck-in-arunachal-pradesh
অৰুণাচলত আবদ্ধ কিশোৰ সহ অসমৰ ১৭ গৰাকী শ্ৰমিক

ডুমডুমা,10 এপ্ৰিল: অৰুণাচল প্ৰদেশত আৱদ্ধ হৈ আছে অসমৰ ১৭ গৰাকীকৈ কিশোৰ আৰু যুৱক ৷ তিনিচুকীয়াৰ তালাপৰ গাখীৰভেটী, চামগুৰি আৰু মিচিমিকাটা লাইনৰ এই দলটো অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ পাছিঘাটত আৱদ্ধ হৈ থকাৰ কথা জানিব পৰা গৈছে ৷

আদিবাসী ছাত্ৰ সন্থা আৰু পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, বিগত জানুৱাৰী মাহতেই এই দলটোক তালাপৰ পৰা অৰুণাচলৰ পাছিঘাটলৈ লৈ যোৱা হয় ৷ চুবুৰীয়া ৰাজ্যখনৰ আপাৰ চিয়াং জিলাৰ পাছিঘাটৰ অতি ভিতৰুৱা আৰু দুৰ্গম এলেকাত বিগত চাৰি মাহে শ্ৰমিকৰ দলটো আৱদ্ধ হৈ থকাৰ বিষয়ে আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই জিলা প্ৰশাসনক অৱগত কৰে ৷

অৰুণাচলত আৱদ্ধ অসমৰ ১৭ গৰাকী শ্ৰমিক

উত্থাপিত অভিযোগ অনুসৰি, আব্দুল মোবাৰক আনচাৰী নামৰ এগৰাকী ব্যক্তিৰ লগতে কেইগৰাকীমান সহযোগী ঠিকাদাৰে অৰুণাচলত আৱদ্ধ কৰি ৰাখিছে অসমৰ শ্ৰমিকৰ দলটোক ৷ ঘটনা সম্পৰ্কে তিনিচুকীয়া জিলা আৰক্ষী-প্ৰশাসন আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষী প্ৰশাসনক লিখিতভাৱে অৱগত কৰে সংগঠনটোৱে ৷

ইয়াৰোপৰি, সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া আৰু আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই অৰুণাচলত উপস্থিত হৈছিল যদিও দলটোক অসমলৈ ঘূৰাই অনাত বিফল হয় ৷ যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল ।

লগতে পঢ়ক: প্ৰযুক্তিৰ ব্যৱহাৰ: তিনি ফুট উচ্চতালৈ উঠিল বাংলো

Last Updated : Apr 10, 2021, 12:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.