ডুমডুমা, 18 মে‘ : সমগ্ৰ দেশতেই কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সোমবাৰৰ পৰা চতুৰ্থ পৰ্যায়ৰ লক্ ডাউন আৰম্ভ হৈছে । লক্ ডাউনৰ পৰিপেক্ষিতত বহিঃৰাজ্যত কৰ্মৰত শ্ৰমিকসকল স্ব-গৃহলৈ উভতিবলৈ ধৰিছে । তেনে সময়তেই বহিঃৰাজ্যত মৃত্যুক আঁকোৱালি লৈছে তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ফিল'বাৰী ৩ নং বৰহোলুং গাঁৱৰ অচ্যুৎ সোণোৱালৰ পুত্ৰ জিতু সোণোৱালে । প্ৰায় আঠ মাহ পূৰ্বে কৰ্মসংস্থাপনৰ বাবে চেন্নাইলৈ গৈ জটিল ৰোগত আক্ৰান্ত হৈ পৰা জিতু সোণোৱালৰ দেওবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় ৷
চেন্নাইত চিকিৎসাধীন অৱস্থাত জিতু সোণোৱালৰ মৃত্যুৰ খবৰে সমগ্ৰ ফিল'বাৰী অঞ্চলতেই শোকৰ ছাঁ পেলাইছে । অন্যহাতে, জিতুৰ মৃতদেহ ঘৰলৈ অনা বা তাতেই সৎকাৰ কৰা-নকৰাক কেন্দ্ৰ কৰিও সমস্যাত পৰিছে দৰিদ্ৰ পৰিয়ালটো ৷
লগতে পঢ়ক : অসমত আক্ৰান্তৰ সংখ্যা 100লৈ বৃদ্ধি